Breaking News

বাটৰ নাট, নাটক, বক্তৃতানুষ্ঠানেৰে হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন



ডিজিটেল ডেস্কঃ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত ৮ মাৰ্চত বিস্তাৰিত কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি মহাবিদ্যালয়খনৰ মহিলা কোষ আৰু নুমলিগড় ৰিফাইনেৰী লিমিটেডৰ WIPS (Women in Public Sector, NRL) ৰ যৌথ উদ্যোগত যোৱা ৭ মাৰ্চ তাৰিখে মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ দ্বাৰা নাৰীৰ সুৰক্ষা আৰু অধিকাৰ বিষয়ক নুমলীগড় আৰু কানাইঘাটত বাটৰ নাট প্ৰদৰ্শন কৰা হয়। ৮ মাৰ্চ তাৰিখে উক্ত নাট্যদলৰ দ্বাৰা গোলাঘাট চহৰত ভিন্ন স্থানত বাটৰ নাট প্ৰদৰ্শন কৰা হয়। মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী পাঞ্চুৰিকা শইকীয়াই ৰচনা কৰা ‘অগ্নিসম্ভৱা আমি’ নামৰ বাটৰ নাটখনৰ পৰিচালনা  কৰে বিশিষ্ট নাট্যকাৰ-পৰিচালক বিদ্যুৎ বিকাশ শৰ্মা ঠাকুৰে । দিনৰ মহাবিদ্যালয়ৰ আলোচনা কক্ষত অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তা ৰূপে অংশ লৈ টিয়কৰ চন্দ্ৰকমল বেজবৰুৱা বেজবৰুৱা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক য়াচমিন খানে –Key Concepts and Concerns: Gender Equity, Equality and Women Empowerment শীৰ্ষক   সাৰুৱা বক্তব্য ৰাখে।  সুদূৰ অতীতৰ পৰা বৰ্ত্তমানেও অব্যাহত থকা পুৰুষ প্ৰধান সমাজখনৰ লিংগ বৈষম্য আৰু এই সমাজখনৰ, বিশেষকৈ ভাৰতীয় নাৰীৰ সমতা আৰু উত্তৰণৰ প্ৰসংগ বিস্তৃত উদাহৰণসহ বক্তা খানে পৰ্যালোচনা আগবঢ়ায় । মুকলি সভাৰ সভাপতিত্ব কৰি মহাবিদ্যালয়ৰ নৱনিযুক্ত অধ্যক্ষ ড˚ বুলবুলি বৰুৱাই শিক্ষাৰ্থীসকলে আন্তৰ্জাতিক নাৰী দিৱসৰ তাৎপৰ্য অনুধাৱনৰ গুৰুত্ব ব্যাখ্যা কৰাৰ লগতে শিক্ষাৰ্থীসকলে কেৱল নিজৰ ঘৰ বা মহাবিদ্যালয়খনতেই নহয়, ৰাষ্ট্ৰীয় বা আন্তৰাষ্ট্ৰীয় পৰ্যায়তো লিংগ-সমতাৰ ভিত্তিক সমাজ নিৰ্ম্মাণৰ বাবে গ্ৰহণ কৰিব লগা প্ৰদক্ষেপ সম্পৰ্কে আলোকপাত কৰে। সভাৰ সহযোগী উদ্যোক্তা হিচাপে WIPS ৰ যথেষ্ট সংখ্যক বিষয়ববীয়াই উক্ত সভাত অংশ গ্ৰহণ কৰে। WIPS ৰ হৈ সভাত বক্তব্য ৰাখে সংস্থাটোৰ সম্পাদক নন্দিনী গোস্বামীয়ে।  মুকলি সভাখনৰ আঁত ধৰে মহাবিদ্যালয়খনৰ মহিলা কোষৰ আহ্বায়িকা ড˚ অৰুণিমা দাসে। আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী  (NCC) ৰ গোটৰ তৰফৰ পৰা ‘ উত্তৰ-পূবৰ নাৰীৰ ক্ৰীড়া ক্ষেত্ৰলৈ অৱদান’ বিষয়ক জিলাভিত্তিক ৰচনা প্ৰতিযোগিতাও আয়োজন কৰা হয়।



     এই দিৱসৰ লগত সংগতি ৰাখি সন্ধিয়া ছয় বজাত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মহাবিদ্যালয়খনৰ প্ৰাক্তন শিক্ষাৰ্থী মঞ্চৰ উদ্যোগত  ‘মিৰি-জীয়ৰী’ নাট মঞ্চস্থ কৰা হয়। ৰজনীকান্ত বৰদলৈৰ বিখ্যাত উপন্যাসখনৰ মঞ্চৰূপ দিয়াৰ লগতে পৰিচালনা কৰে বিদ্যুৎ বিকাশ শৰ্মা ঠাকুৰে। মহাবিদ্যালয়খনৰ প্ৰাক্তন আৰু অধ্যয়নৰত শিক্ষাৰ্থীসকলে নাটকখনৰ ভিন্ন চৰিত্ৰৰ ৰূপায়ন কৰে। নাটকৰ প্ৰাকক্ষণত প্ৰাক্তন শিক্ষাৰ্থী মঞ্চৰ তৰফৰ পৰা মহাবিদ্যালয়ৰ নৱনিযুক্ত অধ্যক্ষ ড˚ বুলবুলি বৰুৱা, নাট্যসন্ধ্যাৰ উদ্বোধক গোলাঘাট জাতীয় বিদ্যালয়ৰ শিক্ষয়ত্ৰী বনশ্ৰী কাকতি আৰু প্ৰাক্তন শিক্ষাৰ্থী মঞ্চৰ আহ্বায়িকা ড˚ অৰুণিমা দাসক স্মাৰক আৰু ফুলাম গামোছাৰে সম্বৰ্দ্ধনা জনোৱা হয়।

No comments