Breaking News

বোকাখাতৰ ৰজাবাৰী প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত নাৰী দিৱসৰ ব্যতিক্ৰমী পদক্ষেপঃ ৫ মহিলাক সম্বৰ্দ্ধনাঃ



অজন্তা তালুকদাৰ, বোকাখাতঃ বোকাখাতৰ ৰজাবাৰী প্ৰাথমিক বিদ্যালয়ে নাৰী দিৱস উপলক্ষ্যে ল'লে ব্যতিক্ৰমী পদক্ষেপ। এই উদ্দেশ্যে আজি বিদ্যালয় ভৱনত অনুষ্ঠিত হৈ যায় আন্তৰ্জাতিক নাৰী দিৱস উদযাপন আৰু বিশেষ সম্বৰ্দ্ধনা সভা। অনুষ্ঠানতে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ নিঃস্বাৰ্থ সেৱা আগবঢ়োৱা ৫ গৰাকী মহিলা ক্ৰমে ৮০ উৰ্দ্ধৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী লক্ষীমাই শইকীয়া, মহিলা সংগঠক বিণু শইকীয়া, স্বাৱলম্বী মহিলা চম্পা দাস, অগ্ৰণী মহিলা ছবিতি নৰহ, নিস্বাৰ্থ স্বাস্থ্য সেৱী দেৱীকা ছেত্ৰীক সভাতে একোখনিকৈ ফুলাম গামোচা, সম্বৰ্দ্ধনা পত্ৰ আৰু সস্ত নিৰ্মিত কাঠৰ গঁড় প্ৰদান কৰি বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়। বিদ্যালয়ৰ প্ৰধান শিক্ষক নৱীন দাসে আঁত ধৰা সভাৰ সভাপতিত্ব কৰে বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক শিক্ষক তথা দিফলু পথাৰ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পোনাৰাম বৰাই। সভা উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বুবুল দত্তই। নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে কবি-সাংবাদিক, শিক্ষয়িত্ৰী অজন্তা তালুকদাৰে। আমন্ত্ৰিত অতিথিৰ বক্তব্য প্ৰদান কৰে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰূদ্ৰ শইকীয়াই। সভাৰ আৰম্ভণিতে বিদ্যালয়ৰ কন কন ছাত্ৰীসকলে সমবেত সংগীত পৰিবেশন কৰে। সভাত পঞ্চায়ত সভাপতি মামণি গাজলু, চি আৰ চি চি দীপক বৈৰাগী, সাংবাদিক প্ৰদীপ হাজৰিকা, নিতুল দত্ত, ৰামেশ্বৰ দাস আদি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। উল্লেখ্য যে বৰ্তমান সময়ৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ জনপ্ৰিয়তাক প্ৰত্যাহ্বান জনাই প্ৰধান শিক্ষক নবীন দাসৰ নেতৃত্বত ৰজাবাৰী প্ৰাথমিক বিদ্যালয় কৰ্তৃপক্ষই বিশ্ব বিকলাংগ দিৱস আদি ব্যতিক্ৰমীভাৱে উদযাপনৰ লগতে সময়ে সময়ে এনে বহু ব্যতিক্ৰমী প্ৰচেষ্টা লৈ বিদ্যালয়খনক শৈক্ষিক, সাংস্কৃতিক দিশত উল্লেখনীয় কৰি তোলাৰ কথাই অঞ্চলটোত চৰ্চিত হৈ পৰিছে।

No comments