Breaking News

সোণাৰি সুন্দৰকাণ্ড সমিতিৰ সপ্তম বাৰ্ষিক মহোৎসৱ উদযাপন

 



মৃত্যুঞ্জয় দাস, সোণাৰিঃ সোণাৰি সুন্দৰকাণ্ড সমিতিৰ সপ্তম বার্ষিক মহোৎসৱ সোমবাৰে নিশা উলহমালহেৰে উদযাপন কৰা হয়। সোণাৰি সত্যনাৰায়ন ঠাকুৰবাড়িত এই উপলক্ষে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। যথেষ্ট সংখ্যক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত মাৰোৱাৰী সম্প্ৰদায়ৰ ৰীতিনীতি অনুসৰি প্রভু শ্ৰীৰাম চন্দ্ৰৰ পূজা অৰ্চনা কৰাৰ পিছতে এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। 



অনুষ্ঠানত নাহৰকটিয়া সুন্দৰকাণ্ড সমিতিৰ সাংস্কৃতিক দলে ভক্তিমূলক গীত পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। 


No comments