Breaking News

৪৫০ বছৰ গৰকা ঐতিহ্য মণ্ডিত দৰংৰ খটৰা সত্ৰ;



অনিন্দ সুন্দৰ শৰ্মা ঠাকুৰ, শ্ৰীমন্ত শংকৰদেৱ ৰ প্ৰপন্নশিষ্য মাধবদেবৰ আজ্ঞা পৰ লেচাকণীয়া গোবিন্দ আতাই ১৫৬৮ খ্ৰীষ্টাব্দত দৰংৰ দিপিলাত ঐতিহ্য মণ্ডিত খটৰা সত্ৰ প্ৰতিষ্ঠা কৰে।শংকৰী সাহিত্য কলা কৃষ্টিৰ অনুশীলন, ৰক্ষনাবেক্ষন আৰু সংবৰ্ধনৰ হকে নিজস্ব সামৰ্থৰে অহোপুৰুষাৰ্থ কৰি অহা এই সত্ৰ খনে গীত নৃত্য ভাওনা সবাহ উৎসৱ অনুষ্ঠান আৰু আচাৰ নীতি ৰে শংকৰী ধৰ্ম সাহিত্য সমাজ সংস্কৃতি ৰ উত্তৰোত্তৰ উৎকৰ্ষ সাধনৰ হকে অনবদ্য অৰিহণা আগবঢ়াই আহিছে।গুৰজনাৰ অংকীয়া ভাওনাৰ আৰ্হিত পৰম্পৰা গত লোকনাট্য খুলীয়া ভাওনা,দধিমথন,গাৰিবাগৰ,সাৰ্বজনীন ৰূপত পাচেতী উৎসৱ আদিয়ে বৈষ্ণৱ ধৰ্মীয় লোকৰ লগতে শৈব শাক্ত গাণপত্য আদি ধৰ্মাৱলম্বী লোকক সমানেই আকৰ্ষিত কৰে।



দৰংজিলাৰ  সদৰ মংগলদৈ চহৰৰ পৰা প্ৰায় বিশ কিলোমিটাৰ উত্তৰে অবস্থিত এই খটৰা সত্ৰত সত্ৰাধিকাৰ নাই বৰঞ্চ পৰিচালনা সমিতিয়ে সত্ৰ খন পৰিচালনা কৰে।প্ৰতিদিনে ৰাজ্য ৰ ভিন্ন প্ৰান্তৰ শতাধিক যাত্ৰী আহি সত্ৰ দৰ্শন কৰি মনোবাঞ্চা পুৰণৰ বাবে সেৱা লয়হি।মনিকুটত বাৰ সীতা,লক্ষ্মণ,লব কুশ আৰু হনুমান ৰ মূৰ্তি বিদ্যমান।

No comments