Breaking News

ঘোষণা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় গণনাৰ সংখ্যা ।



চন্দন নাথ, কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত  ২৬,২৭ আৰু ২৮ মাৰ্চত চলিছিল ১৪ সংখ্যক গঁড় গননা। বন বিভাগৰ উচ্চ পদস্থ বিষয়া ,অভিজ্ঞ ব্যক্তি, বেচৰকাৰী সংগঠনৰ প্ৰতিনিধি, বনকৰ্মী তথা  ৪৬ গৰাকী সাংবাদিকৰ সহযোগত, সমাপ্ত হয়া



গননা কাৰ্যত । মঙ্গলবাৰে কহঁৰাৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক, DFO , সংবাদ মাধ্যমৰ লোক আদিৰ উপস্থিতিত সংবাদ মেল যোগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই জনাই যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুঠ গঁড়ৰ সংখ্যা ২৬১৩  টা হ’ল। অৰ্থাৎ  আগৰ তুলনাত গঁড়ৰ সংখ্যা বৃদ্ধি পাইছে যিটো ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। 

উল্লেখযোগ্য যে২০১৮ চনৰ গঁড় গণণাত আছিল ২৪১৩ টা গঁড়।

No comments