Breaking News

চুঙাজানত ৭০ বস্তা অবৈধ ইউৰিয়া জব্দ



মাধুৰ্য কোঁৱৰ, ধনশিৰিঃ ধনশিৰি মহকুমাৰ চুঙাজানত  জব্দ হৈছে অবৈধ ইউৰিয়া ভৰ্তি এখন  বাহন। বাহনখনৰ নম্বৰ AS 02 CC 8579। বুধবাৰে  বাহন খনে গোলাঘাটৰ কমাৰবন্ধা পৰা অসম নাগালেণ্ড সীমান্তৰ ফতৌ বস্তিলৈ  ইউৰিয়া খিনি নি থকা অৱস্থাত  চুঙাজান আৰক্ষীৰ নিয়মীয়া তালাচিত জব্দ হয় ৭০ বস্তা ইউৰিয়া। লগতে আৰক্ষীয়ে আটক কৰে  তিনিজন লোকক। 



লোককেইজন ক্ৰমে মুস্তাফা ইছলাম,বাবুল আলি আৰু অমিদুৰ ৰহমান৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি  উক্ত ইউৰিয়া খিনি কমাৰবন্ধা শান্তি ষ্টৰৰ পৰা নিজৰ খেতিলৈ বুলি কিনি আনি বিক্ৰী কৰিবলৈ অসম নাগালেণ্ড সীমান্তৰ ফতৌ বস্তিলৈ আনি থকা অৱস্থাতেই আটক কৰে চুঙাজান আৰক্ষীয়ে। ইপিনে  আৰক্ষীয়ে  তিনিওজন লোককে আটক কৰি গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে  ৷

No comments