Breaking News

সোণাৰিত এপিজে কোম্পানীৰ চাহ কৰ্মচাৰীৰ অনশন কাৰ্যসূচী।




মৃত্যুঞ্জয় দাস, সোণাৰিঃ বিগত দুমাহৰ বকেয়া মহিলী দৰমহাকে আদি কৰি অন্যান্য কেইবাটাও দাবীৰ সমৰ্থনত অনশনত বহিছে এপিজে টি কোম্পানীৰ চৰাইদেউ জিলাত থকা তিনিখন বাগিচাৰ কৰ্মচাৰী সকল। আজি পুৱা ৭ বজাৰ পৰা কলিকতিয়া কোম্পানীটোৰ জবকা, নাফুক আৰু মথুৰাপুৰ চাহ বাগিচাৰ কৰ্মচাৰী সকলে নিজ বাগিচাৰ পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত বহি অনশন কাৰ্যসূচী আৰম্ভ কৰে। ইয়াৰ ফলত তিনিওখন চাহ বাগিচাৰ কাম-কাজ স্থবিৰ হৈ পৰে। 



No comments