Breaking News

এতিয়া বসন্ত বতৰ , ৰাজ্যৰ চৌদিশে এতিয়া মাথো সকলোৱে হেঁপাহৰ বহাগীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি

 


মৃত্যুঞ্জয় দাস, সোণাৰিঃ  ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন। ঢোল, পেঁপাৰ মাতত ৰজনজনাই কঁপাই তুলিছে ৰাজ্যৰ আকাশ - বতাহ । ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে চৰাইদেউ সাপেখাতীটো ৰঙালীক আদৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি। 

চৰাইদেউ জিলাৰ  সাপেখাতী ভোগবাৰী গাৱঁতো দেখা গৈছে ৰঙালীক আদৰাৰ ব্যাপক উচাহ ।   অসমীয়া  লোক সাংস্কৃতিৰ সাধক ,অসম ঢুলীয়া  সন্মিলনৰ  সম্পাদক প্ৰধান তথা ওজা অজিত গগৈয়ে ২০১০ চনতে  নিজা প্ৰচেষ্টাৰে নিজ বাস গৃহতে  অসমীয়া লোক সংস্কৃতিৰ ১০০ বিধ বাদ্যযন্ত্ৰৰ এটি  সংগ্ৰাহালয় গঢ়ি তুলিছে । 



তেখেত  ঢোল বাদনৰ অনাতাঁৰ শিল্পী ,গায়ন ,বায়ন , প্ৰশিক্ষকৰ লগতে  ঢোলৰ ওপৰত গৱেষণা কৰি 'ঢোলবাদ্য'  নামৰ  এখনি গ্রন্থ ও প্ৰকাশ কৰিছে । শিল্পী গৰাকীযে  তেখেতৰ সংগ্ৰাহালয়টো নিজ  গৃহতে সীমাবদ্ধ  নাৰাখি নতুন প্ৰজন্মই লোক বাদ্যৰ প্ৰতি আকৃষ্ট হোৱাকৈ উন্নত কৰাৰ বাবে  আশা প্ৰকাশ কৰি এনেদৰেই ১০০ বিধ  বাদ্য পৰিবেশন কৰি  হেঁপাহৰ বিহুটিক আদৰাৰ প্ৰস্তুতি চলাইছে ।


 

No comments