Breaking News

ধনশিৰিত একেটা নম্বৰৰে দুখনকৈ ডাম্পাৰ জব্দ।



মাধুৰ্য কোঁৱৰ, ধনশিৰিঃ ধনশিৰি মহকুমাৰ অসম নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত চাঞ্চল্য । একেটা পঞ্জীয়ণ নম্বৰকে ব্যৱহাৰ কৰি চলাই থকা ভাৰতবেঞ্জ কোম্পানীৰ দুখনকৈ ১০ চকীয়া ডাম্পাৰ জব্দ কৰিছে আৰক্ষীয়ে। পৰিবহন বিভাগ, আৰক্ষী তথা বন বিভাগৰ চকুত ধূলি দি ডাম্পাৰ  দুখনে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৰ নেফানীৰ পৰা শিল  সৰবৰাহ কৰি আহিছিল। জব্দ কৰা ডাম্পাৰ দুখনে ৰাজস্থানত পঞ্জীয়ণ ভুক্ত RJ-14-GK-2994 নম্বৰটো ব্যৱহাৰ কৰিছিল। 



উল্লেখ্য একেটা পঞ্জীয়ণ নম্বৰৰে চলাই থকা ১০ চকীয়া ডাম্পাৰ দুখনৰ স্বত্বাধিকাৰী ৰাজস্থানৰ। কৰ ফাঁকি, ফাইনেন্স আৰু ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা বাচিবলৈকে ডাম্পাৰৰ গৰাকীয়ে এনে কাণ্ড সংঘটিত কৰিছে  বুলি   ধনশিৰি মহকুমা আৰক্ষীয়ে প্ৰকাশ কৰিছে। ইপিনে ডাম্পাৰৰ মালিকৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন হৈছে উৰিয়ামঘাট থানাত। একেটা পঞ্জীয়ণ নম্বৰকে ব্যৱহাৰ কৰি সুদুৰ ৰাজস্থানৰ পৰা কেনেকৈ উৰিয়ামঘাট পালেহি আৰু কাৰ ছত্ৰছাঁয়াত এনেদৰে ডাম্পাৰ দুখন দীৰ্ঘদিনৰ পৰা চলি আছিল সেই কথা আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব।

No comments