Breaking News

'অসমৰ ৮০ পৌৰনিৰ্বাচনত ভাল ফল দেখুৱাব মিত্ৰজোঁটে'- মন্ত্ৰী অতুল বৰাঃ এই পৰ্যন্ত বোকাখাতত সাব্যস্ত প্ৰায় ১৮% ভোটদানঃ



অজন্তা তালুকদাৰ, বোকাখাতঃ ৰাজ্যখনৰ আন আন স্থানৰ লগতে আজি বোকাখাততো আৰম্ভ হৈছে পৌৰসভাৰ নিৰ্বাচন। বোকাখাতৰ মুঠ ১০ টা ৱাৰ্ডৰ বাবে ২১ টা ভোট গ্ৰহণ কেন্দ্ৰত ভাগ্য নিৰ্ণয় হ'ব মুঠ ৩০ গৰাকী প্ৰাৰ্থীৰ। বোকাখাতৰ ৯ নং ৱাৰ্ডৰ খ্ৰীষ্ট্ৰজ্যোতি বিদ্যালয় ভোটকেন্দ্ৰত আজি পুৱা পৌৰসভাৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছতে সপৰিয়ালে ভোটাধিকাৰ সাব্যস্ত কৰে অসম চৰকাৰৰ কৃষি আৰু পশুপালন আদি বিভাগৰ জ্যেষ্ঠ মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাই।


ভোটদান কৰি সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্ৰী অতুল বৰাই কয় যে প্ৰায় সকলোতে কংগ্ৰেছ বিধ্বস্ত হৈছে। কংগ্ৰেছে জানে যে নিৰ্বাচনত বিপৰ্যয় হ'ব, সেয়েহে পৌৰসভাৰ নিৰ্বাচনক গুৰুত্ব নিদিয়া বুলি কংগ্ৰেছে কৈছে। কিন্তু ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত পৌৰনিৰ্বাচনত গুৰুত্ব নিদিয়াৰ বিষয়টোত আশ্চৰ্য প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে। লগতে তেওঁ কয় যে বিগত ৮ মাহত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত হোৱা ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ প্ৰভাৱত এইবাৰ ৰাজ্যখনৰ পৌৰসভাৰ নিৰ্বাচনত ভোটদানৰ হাৰ বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। মন্ত্ৰী গৰাকী অসমৰ ৮০ খন পৌৰসভাতে মিত্ৰজোঁটে ভাল ভল দেখুৱাব বুলি আশাবাদী।


বোকাখাতৰ পৌৰসভাৰ ১০ টা ৱাৰ্ডতেই মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয় লাভ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী বৰাই। বোকাখাতৰ ১০ টা ৱাৰ্ডত এইবাৰৰ পৌৰসভাৰ নিৰ্বাচনত ১৫,৩০০ ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব মুঠ ৩০ গৰাকী প্ৰাৰ্থীৰ। এই পৰ্যন্ত প্ৰাপ্ত তথ্য অনুসৰি বোকাখাতৰ মুঠ ১০ টা ভোট গ্ৰহণ কেন্দ্ৰত পুৱাৰ ভাগত হোৱা ভোটগ্ৰহণৰ হাৰ ১৯.৯৭% পুৰুষ আৰু ১৫.৮৬% মহিলাকে ধৰি মুঠ ১৭.৯৯% ।

No comments