Breaking News

বোকাখাতত এই পৰ্যন্ত ৩৮% ভোটগ্ৰহণ সম্পন্নঃ



অজন্তা তালুকদাৰ, বোকাখাতঃ ৰাজ্যখনৰ আন আন স্থানৰ লগতে বৰ্তমান বোকাখাততো শান্তিপূৰ্ণভাৱে চলি আছে পৌৰসভাৰ নিৰ্বাচন। বোকাখাতৰ মুঠ ১০ টা ৱাৰ্ডৰ বাবে ২১ টা ভোট গ্ৰহণ কেন্দ্ৰত ভাগ্য নিৰ্ণয় হ'ব মুঠ ৩০ গৰাকী প্ৰাৰ্থীৰ। বোকাখাতৰ ৯ নং ৱাৰ্ডৰ খ্ৰীষ্ট্ৰজ্যোতি বিদ্যালয় ভোটকেন্দ্ৰত আজি পুৱা পৌৰসভাৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছতে কন্যা, পত্নীৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰে অসম চৰকাৰৰ কৃষি আৰু পশুপালন আদি বিভাগৰ জ্যেষ্ঠ মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাই। এই পৰ্যন্ত প্ৰাপ্ত তথ্য অনুসৰি বোকাখাতত ৩৮% পুৰুষ আৰু ৩৭% মহিলাক ধৰি মুঠ ৩৮% ভোটাধিকাৰ সাব্যস্ত হয়।

No comments