Breaking News

ধনশিৰিত শান্তিপূৰ্ণভাৱে অব্যাহত ভোটদান প্ৰক্ৰিয়া





মাধুৰ্য কোঁৱৰ, ধনশিৰিঃ বহু জলপনা কল্পনাৰ অন্ত পেলাই আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে পৌৰসভা নিৰ্বাচনৰ ভোট দান প্ৰক্ৰিয়া । সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত সৰুপথাৰ আৰু বৰপথাৰ পৌৰসভাতো পুৱাৰে পৰা আৰম্ভ হৈছে ভোট গ্রহণ প্ৰক্ৰিয়া । নিজৰ নিজৰ পচন্দৰ প্ৰাৰ্থীক ভোট দিবলৈ পুৱাৰে পৰা ভোট কেন্দ্রসমূহত ভোটাৰৰ উপস্থিতি দেখা গৈছে । দিনৰ ১২ বজালৈকে সৰুপথাৰ পৌৰসভাত ৩০.১৬ শতাংশ ভোট সাব্যস্ত হোৱাৰ বিপৰীতে বৰপথাৰ পৌৰসভাত ভোট দানৰ হাৰ ৩১.২৬ শতাংশ। শাসকীয় বিজেপি মিত্রজোঁটৰ লগতে কংগ্ৰেছ, আপ,জাতীয় পৰিষদৰ প্ৰক্ষেপিত প্ৰতি গৰাকী প্ৰাৰ্থীয়ে নিজৰ জয় নিশ্চিত বুলি মন্তব্য কৰে । আগন্তুক ৯ মার্চৰ ভোট গণনাৰ অন্ততহে পোহৰলৈ আহিব সৰুপথাৰ সমষ্টিৰ দুখনকৈ পৌৰসভাৰ শাসনৰ বাঘজৰী কাৰ হাতত অৰ্পণ কৰে ভোটাৰ ৰাইজে ।

No comments