Breaking News

বোকাখাতত বিয়লি ২ বজালৈ সম্পন্ন ৫১% ভোটগ্ৰহণ

 


অজন্তা তালুকদাৰ, বোকাখাতঃ ৰাজ্যখনৰ আন আন স্থানৰ লগতে বৰ্তমান বোকাখাততো শান্তিপূৰ্ণভাৱে চলি আছে পৌৰসভাৰ নিৰ্বাচন। বোকাখাতৰ মুঠ ১০ টা ৱাৰ্ডৰ বাবে ২১ টা ভোট গ্ৰহণ কেন্দ্ৰত সৰ্বমুঠ ১৫,৩০০ ভোটদাতাই ভাগ্য নিৰ্ণয় কৰিব মুঠ ৩০ গৰাকী প্ৰাৰ্থীৰ। এই পৰ্যন্ত প্ৰাপ্ত তথ্য অনুসৰি আজি বিয়লি ২ বজালৈ বোকাখাতত সম্পন্ন হৈছে ৫১% ভোটগ্ৰহণ। ইয়াৰে ৫১% পুৰুষ আৰু ৫২% মহিলা। উল্লেখ্য যে বোকাখাতৰ ৯ নং ৱাৰ্ডৰ খ্ৰীষ্ট্ৰজ্যোতি বিদ্যালয় ভোটকেন্দ্ৰত আজি পুৱা পৌৰসভাৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছতে কন্যা, পত্নীৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰে অসম চৰকাৰৰ কৃষি আৰু পশুপালন আদি বিভাগৰ জ্যেষ্ঠ মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাই।

No comments