Breaking News

আন্তঃজাৰ্তিক হেকাৰ চক্ৰৰ কৱলত অইল ইণ্ডিয়া লিমিটেড। ৫৫ কোটি টকা আদায় নকৰিলে অইলৰ চাৰ্ভাৰ উৰুৱাই দিয়াৰ ভাবুকি।

আন্তঃজাতিক হেকাৰ চক্ৰৰ কৱলত অইল ইণ্ডিয়া লিমিটেড।  ৫৫ কোটি টকা আদায় নকৰিলে অইলৰ চাৰ্ভাৰ উৰুৱাই দিয়াৰ ভাবুকি। 



ডিজিটেল ডেস্কঃ ছাৰ্ভাৰ হেক কৰি অইল ইণ্ডিয়া লিমিটেডক ৫৫ কোটি টকা দাবী আন্তজাৰ্তিক হেকাৰ চক্ৰৰ । তথ্য চুৰিৰে অইলক বিপদত পেলোৱাৰ ব্লুপ্ৰিন্ট । দেশৰ অন্যতম ৰাজহুৱা খণ্ডৰ লাভজনক তৈল উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেড শেহতীয়াকৈ হেকাৰৰ কবলত । ইতিমধ্যে   



হেকাৰে অইল ইণ্ডিয়া লিমিটেডৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ কেইবাটাও কম্পিউটাৰ হেক কৰিছে । আন্তঃজাতিক হেকাৰ চক্ৰই অইল ইণ্ডিয়া লিমিটেডৰ চাৰ্ভাৰ হেক কৰাত এতিয়া বিপাঙত পৰিছে তৈল উদ্যোগ প্ৰতিষ্ঠানটোৰ উচ্চপদস্থ বিষয়া আৰু কৰ্মচাৰী সকল । 

অইল ইণ্ডিয়া লিমিটেডৰ মুখপাত্ৰ ত্ৰিদিপ হাজৰিকাই জানিবলৈ দিয়া মতে ১১ এপ্ৰিলৰ পুৱাৰে পৰা তৈল উদ্যোগ প্ৰতিষ্ঠানটোৰ নেটৰ্ৱকৰ ক্ষেত্ৰত  চৰম বিসংগতি সৃষ্টি হৈছিল । আটাইতকৈ ভয়ংকৰ কথাটো হ'ল যে এই দুষ্ট চক্ৰটোৱে অইল ইণ্ডিয়া লিমিটেডৰ পৰা ৫৫ কোটি টকা দাবী কৰিছে বুলিও অইলৰ মুখপাত্ৰ গৰাকীয়ে জানিবলৈ দিয়ে । শেহতীয়াকৈ আন্তঃজাৰ্তিক হেকাৰ চক্ৰই অইল ইণ্ডিয়া লিমিটেডক কৰা হেকিঙৰ ফলত তৈল উদ্যোগ প্ৰতিষ্ঠানটোৰ বহু মূল্যবান নথি-পত্ৰ আৰু তথ্য হৰলুকি হোৱাৰ আশংকা প্ৰকট হৈ পৰিছে । ইফালে বুধবাৰে নিশাই দুলীয়াজান থানাত অইলৰ নিৰাপত্তা বিভাগৰ তৰফৰ পৰা সমগ্ৰ ঘটনা সৰ্ন্দভত এখন এজাহাৰ দাখিল কৰে। । 

উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দুলীয়াজান আৰক্ষী থানাত ৭৬/২০২২ নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই । তদুপৰি অইল কৰ্তৃপক্ষ নিজাববীয়াকৈ আন্তঃজাতিক বিশেষ এজেঞ্চিৰ সহায় লৈছে বুলি জানিব পৰা গৈছে।  লগতে হেকাৰৰ দ্বাৰা প্ৰেৰিত ভাইৰাছ যাতে অধিক ৰূপত সম্প্ৰসাৰিত হ'ব নোৱাৰে তাৰবাবেও অইলৰ নিজাববীয়াকৈ প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰিছে অইল কৰ্তৃপক্ষই । 

ইফালে অইলৰ দুলীয়াজানস্থিত মুখ্য প্ৰশাসনিক কাৰ্যালয়ত আই বি আৰু আই টি চেলৰ শীৰ্ষ বিষয়া উপস্থিত হৈ মাৰাথান অভিযান অব্যাহত ৰাখিছে । অইলৰ এক সূত্ৰই জানিবলৈ দিয়ামতে চি আই ডিৰ এটি দল ৰাওনা হৈছে দুলীয়াজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়লৈ । যাৰ বাবে অচল হৈ আছে অইলৰ সকলো কাম-কাজ।

ইতিমধ্যে অইল কৰ্তৃপক্ষই তৈল উদ্যোগ প্ৰতিষ্ঠানটোৰ আই টি বিভাগক জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে বুলিও জানিবপৰা গৈছে ।


No comments