Breaking News

শগুণৰ অস্বাভাৱিক মৃত্যু



প্ৰসন্ন কলিতা, মিৰ্জাঃ অস্বাভাৱিকভাৱে মৃত্যু হ’বলৈ লৈছে শগুণৰ। বৰিহাট অঞ্চলৰ নিৰলপুৰ গাঁৱত বৃহস্পতিবাৰে  খাদ্যৰ বিষক্ৰিয়াৰ ফলত ২৪ টা শগুনৰ ইতিমধ্যেই মৃত্যু হৈছে । আৰু আন ১২ টা শগুন বনবিভাগৰ সহযোগত ৰাণী শগুন সংৰক্ষণ প্ৰজনন কেন্দ্ৰত চিকিৎধীন অৱস্থাত আছে।  


ঠিক সেইদৰে যোৱা ৩ মাৰ্চত ছয়গাওঁ মিলনপুৰ অঞ্চলত ১০০টা শগুন আৰু এটা ষ্টেপ্পী ঈগলৰ মৃত্যু হৈছিল। উক্ত ঘটনাত বিষাক্ত কাৰ্বফুৰাণ ব্যৱহাৰ কৰা বুলি প্ৰমাণিত হৈছে। 

উল্লেখ্য যে যোৱা ৩১ মাৰ্চত ছয়গাঁও মিলননগৰ গাঁৱত, ১৭ মাৰ্চত  বিষক্ৰিয়াৰ ঘটনাত উদ্ধাৰ কৰা দহটা হিমালয় শগুন আৰু এটা ষ্টেপ্পী ঈগল প্ৰাকৃতিক পৰিবেশত মুকলি কৰি দিয়া হয়। শগুনকেইটা শগুন সংৰক্ষণ প্ৰজনন কেন্দ্ৰত চিকিৎসা প্ৰদান কৰি পুনৰ ৰাণীস্থিত "শগুন সংৰক্ষণ প্ৰজনন কেন্দ্ৰ"ত ইতিমধ্যে আগতেই উদ্ধাৰ কৰি চিকিৎসাধীন অৱস্থাত থকা আন পাঁচটা হিমালয় শগুনো একেলগে মুকলি কৰি দিয়া হয়। কিন্তু পৰিতাপৰ কথা যে যোৱা ১৭ মাৰ্চত মিলননগৰ বিষক্ৰিয়াৰ দুৰ্ঘটনাত এশটা হিমালয় শগুন আৰু এটা ষ্টেপ্পী ঈগল মৃত্যু মুখত পৰিছিল। মানৱ সমাজক লজ্জানত কৰা উক্ত ঘটনা প্ৰকৃতিৰ বাবে অপুৰণীয় ক্ষতি।  



ইয়াৰ পিছত পুনৰ ৯ এপ্ৰিলত  ৰাণী অঞ্চলত ১০ টা শগুনৰ বিষক্ৰিয়া হৈছিল য'ত ৩ টা মৃত্যু হৈছিল আৰু আন ৭টা সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছিল। বৃহস্পতিবাৰে আকৌ ৰাণী বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বৰিহাট অঞ্চলৰ নিৰলপুৰত 36 টা শগুনৰ বিষক্ৰিয়া হয়। ইতিমধ্যে ২৪ টা শগুনৰ মৃত্যু হৈছে আৰু ১২ টা শগুন ৰাণী শগুন সংৰক্ষণ প্ৰজনন কেন্দ্ৰ(VCBC team), বনবিভাগ আৰু স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰা হৈছে। 

No comments