Breaking News

গুৱাহাটীত অনুষ্ঠিত হোৱা চিল্ক মাৰ্ক এক্সপোত উজলিল অমৃতা বৰা মেধি।

 


পঙ্কজ নাথ, চাংসাৰি: গুৱাহাটীৰ অমৃতা বৰা মেধি এগৰাকী ফেশ্বন ডিজাইনাৰ হিচাপে উজলিবলৈ লৈছে । তেখেত এজন প্ৰতিষ্ঠিত ফেশ্বন ডিজাইনাৰ হিচাপে ফেশ্বন জগতত এক প্ৰভাৱ পেলাইছে । নেডফি গুৱাহাটীত শেহতীয়াকৈ সমাপ্ত হোৱা চিল্ক মাৰ্ক এক্সপোত তেওঁক দ্বিতীয় শ্ৰেষ্ঠ বিক্ৰেতা হিচাপে বিবেচিত কৰা হৈছে । উল্লেখ্য যে যোৱা বছৰ একেখন এক্সপোতে অমৃতা বৰা মেধিয়ে প্ৰথম শ্ৰেষ্ঠ বিক্ৰেতা হিচাপে বিবেচিত হৈছিল । এগৰাকী যুৱ স্থানীয় উদ্যোগী হিচাপে অমৃতা বৰা মেধিয়ে হস্ততাঁতৰ পাট, মুগা আৰু এৰি সুতাৰ সামগ্ৰীবোৰেৰে ফেশ্বন জগতত তেখেতে নাম আৰু খ্যাতি অৰ্জন কৰিছে।

No comments