Breaking News

গোলাঘাটত নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছনৰে মত বিনিময় আৰু টি টেষ্টিং টিচিপিএলৰ প্ৰতিনিধি দলৰ



ডিজিটেল সংবাদ, গোলাঘাটঃ বিশ্বৰ অন্যতম বৃহৎ চাহ উদ্যোগ প্ৰতিষ্ঠান টাটা কনজিউমাৰ প্ৰডাক্টছ লিমিটেডে চমুকৈ টিচিপিএলৰ এটা প্ৰতিনিধি দলে গোলাঘাটস্থিত নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছন চমুকৈ নেটাৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ এক মত বিনিময় সভা আৰু টি টেষ্টিং কাৰ্যসূচীত অংশ গ্ৰহণ কৰে। মত বিনিময় অনুষ্ঠানত নেটাৰ বিষয়ববীয়া সকলৰ সৈতে টিচিপিএলৰ বিষয়ববীয়াই অসমৰ চাহৰ গুণগত মানদণ্ড আৰু উচিত দৰ নিৰ্ধাৰণ কৰা আদি দিশসমূহৰ আলোচনা কৰাৰ লগতে অসমৰ উৎপাদিত চাহ  উন্নত পেকেজিং আৰু মাৰ্কিং কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ পৰামৰ্শ আগবঢ়ায়। 

আনহাতে নেটাৰ তৰফৰ পৰা অসমৰ চাহ উৎপাদকে নিজৰ উৎপাদিত চাহ টিচিপিএলক বিক্ৰী কৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা কেতবোৰ সমস্যা সম্পৰ্কে টিচিপিএল কৰ্তৃপক্ষক অৱগত কৰে। এই সন্দৰ্ভত টিচিপিএল কৰ্তৃপক্ষই এতিয়াৰ পৰা অসমৰ চাহ উৎপাদনকাৰীৰ স্ব স্বীকৃতি প্ৰাপ্ত উৎপাদিত চাহ ক্ৰয় কৰা হ'ব বুলি জানিবলৈ দিয়ে। মত বিনিময় অনুষ্ঠানৰ পাছতে চাহৰ গুণগত মান পৰীক্ষা কৰাৰ বাবে এক টি টেষ্টিং কাৰ্যসূচীৰ আয়োজন কৰা হয় য'ত নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছনৰ সদস্য হিচাপে থকা চাহ বাগিচা আৰু বটলীফ ফেক্টৰীসমূহৰ উৎপাদিত চাহ টেষ্টিং কৰে টাটা কনজিউমাৰ প্ৰডাক্টছ কৰ্তৃপক্ষই আৰু এই চাহৰ গুণগত মানদণ্ড যথেষ্ট ভাল হোৱা বুলি মন্তব্য কৰে। 



ইফালে চাহ উৎপাদনকাৰী আৰু ক্ৰেতাৰ মাজত এনেধৰণৰ প্ৰত্যক্ষ যোগাযোগ তথা মত বিনিময় অনুষ্ঠানৰ জৰিয়তে উভয় পক্ষকে লাভান্বিত কৰাৰ লগতে চাহৰ ব্যৱসায়িক দিশকো এক গতিশীলতা প্ৰদান কৰিব বুলি এক প্ৰেছ বিজ্ঞপ্তিযোগে মন্তব্য কৰে নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছনৰ অধ্যক্ষ কমল জালানে।

No comments