Breaking News

মেচিনত প্ৰস্তুত কৰা গামোচা বিক্ৰী নকৰিবলৈ ব্যৱসায়ীসকলক নিৰ্দেশ গোলাঘাট জিলা উপায়ুক্তৰ

 


ডিজিটেল ডেস্কঃ গোলাঘাট জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই বজাৰত কোনো কাৰণতে মেচিনত প্ৰস্তুত কৰা গামোচা বিক্ৰী নকৰিবলৈ ব্যৱসায়ীসকলক নিৰ্দেশ দিছে । যিহেতু হস্ততাঁত ( উৎপাদিত সামগ্ৰী সংৰক্ষণ ) আইন, ১৯৮৫ ৰ অধীনত গামোচা তথা বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত হাতেবোৱা বস্ত্ৰ বিদ্যুৎচালিত তাঁতশালত উৎপাদন কৰাটো নিষিদ্ধ । এই নিষেধাজ্ঞা পালন নকৰিলে তেনে ব্যৱসায়ীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি স্পষ্ট কৰি দিছে । উপায়ুক্ত গৰাকীয়ে ইতিমধ্যে এনে ব্যৱসায়ীক ধৰা পেলোৱাৰ বাবে তিনিটা বলৱৎকাৰী বাহিনী ( Enforcement Squad) গঠন কৰি দিছে । মেচিনত প্ৰস্তুত কৰা নিম্নমানৰ গামোচা বৰ্জন কৰি তেওঁ উন্নত মানৰ হাতেবোৱা গামোচা ক্ৰয় কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে । মেচিনত প্ৰস্তুত কৰা গামোচা বিক্ৰী কৰা ব্যৱসায়ীসকলক নিয়ন্ত্ৰণ কৰাৰ বাবে গঠন কৰা বাহিনীয়ে আজি গোলাঘাট নগৰৰ বিভিন্ন ব্যৱসায় প্রতিষ্ঠানত অভিযান চলায় । গোলাঘাট মহকুমাৰ বাবে সহকাৰী আয়ুক্ত শ্ৰী অম্লান ফুকনৰ নেতৃত্বত ৭ জনীয়া গোট গঠন কৰা হৈছে ।

No comments