Breaking News

চুটিছবি কুমু "লৈ পঞ্চদশ জন আব্ৰাহাম শ্ৰেষ্ঠ চুটি ছবি বঁটা

যদিহে মনত হেপাঁহ আৰু একাগ্ৰতা থাকে এখন ভাল ছবি নিৰ্মাণৰ, সেয়া যিকোনো পৰিস্থিতিৰ মাজেৰেই সম্ভৱ হ'ব পাৰে



ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে চলচিত্ৰ পৰিচালনা কৰা আকাংক্ষা ভাগৱতীৰ চুটি ছবি ‘কুমু’লৈ ‘জন আব্ৰাহাম শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা'। SiGNS  চলচিত্ৰ মহোৎসৱ, (কেৰেলা)ৰ দ্বাৰা প্ৰদান কৰা হয় এই সন্মান। ফেডাৰেশ্যন অব ফিল্ম চচাইটিজ অব ইণ্ডিয়াৰ,কেৰেলামৰ দ্বাৰা অনুষ্ঠিত  কৰা হয় এই মহোৎসৱ। মহোৎসৱত তথ্যচিত্ৰ আৰু চুটি ছবিৰ এক বিশেষ প্ৰতিযোগিতা অনুস্থিত কৰা হয় আৰু সন্মানীয় জন আব্ৰাহাম বঁটা প্ৰদান কৰা হয়।

এইবৰ্ষত পঞ্চদশ জন আব্ৰাহাম শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা ‘কুমু’য়ে লাভত উৎফুল্লিত হৈ পৰিছে ছবিখনৰ নিৰ্মাতাৰ লগতে ছবিখনৰ সৈতে জড়িত কলা-কুশলীসকল। 

"ঈশ্বৰৰ সন্তান"(The Children of God)ৰ সহকাৰী পৰিচালনাৰে চলচিত্ৰ জগতত প্ৰৱেশ কৰা ‘কুমু’ চুটিছবিখনৰ পৰিচালক আকাংক্ষা ভাগৱতীয়ে এই সম্পৰ্কত কয় যে 'ম‌ই কোনো চলচিত্ৰৰ স্কুলত অধ্যয়ন কৰা নাই।কিন্তু 'কুমু'ৰ যি কাহিনী ম‌ই প্ৰস্তুত কৰিছিলোঁ ,সেই কাহিনীয়ে মোৰ অন্তৰ স্পৰ্শ কৰি গৈছিল আৰু তাকে ম‌ই চলচিত্ৰৰ মাধ্যমেৰে উলিয়াই আনিবলৈ চেষ্টা কৰিছিলোঁ।আৰু শেষত এই ছবিখনেই মোক ইমান এটা সন্মানীয় পুৰস্কাৰ প্ৰদান কৰাত ম‌ই অতিশয় আনন্দিত হৈ পৰিছোঁ।'

"কুমু" ৰ মাধ্যমেৰে ,অসমৰ সেউজ সম্পদ চাহবাগানৰ ,এজনী ১২বছৰীয়া আদিবাসী ছোৱালীৰ জীৱন গাঁঠা দেখুওৱা হৈছে, যি নেকি নিজৰ শৈশৱ ,শিক্ষা, সুখ,সৌন্দৰ্য,সপোন আৰু মুক্ত জীৱনৰ আশা সকলোখিনিয়েই ত্যাগ কৰিবলৈ বাধ্য হৈছিল।



"কুমুৰ" লগত জড়িত আন ব্যক্তি সকল হৈছে,চিত্ৰগ্ৰহণত বিশিষ্ট চিত্ৰগ্ৰহণকাৰী,ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চিদা বৰা,সংগীতত অসম তথা ভাৰতৰ বিশিষ্টা সংগীতজ্ঞা তৰালী শৰ্মা, শব্দত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শব্দযন্ত্ৰী দেৱজিৎ গায়ন, কালাৰ গ্ৰেডিঙত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সূৰজ দুৱৰা। ‘কুমু’ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে নগাঁৱৰ ধনতুলা চাহ বাগিচাৰ নয়নমণি মুৰাই ।সমগ্ৰ চিত্ৰগ্ৰহণ তনতুলা বাগানৰ পৰিৱেশৰ মাজত কৰা হৈছিল বুলি পৰিচালকে জানিবলৈ দিছে। লগতে পৰিচালক আকাংক্ষা‌ই কয় যে, যদিহে মনত হেপাঁহ আৰু একাগ্ৰতা থাকে এখন ভাল ছবি নিৰ্মাণৰ, সেয়া যিকোনো পৰিস্থিতিৰ মাজেৰেই সম্ভৱ হ'ব পাৰে।

No comments