Breaking News

পুনৰ আলফা (স্বা)ত যোগদানৰ বাবে যোৱা যুৱকক আটক আৰক্ষীৰ



মৃত্যুঞ্জয় দাস, সোণাৰিঃনিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনত নতুন সদস্যই যোগদান কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰখাৰ সময়তে সোণাৰিত সষ্টম হৈ উঠিছে চৰাইদেউ আৰক্ষী। সোণাৰিৰ নামতোলা আৰক্ষী থানাৰ অন্তৰ্গত টাওকাক অঞ্চলত আজি পুনৰ আলফা স্বাধীনত যোগদান কৰিবলৈ যোৱা এগৰাকী যুৱকক আটক কৰে আৰক্ষীয়ে। আটকাধীন যুৱকজন তিনিচুকীয়া জিলাৰ কাকপথাৰৰ নিৰোজ ফুকন বুলি জানিব পৰা গৈছে। সোণাৰিৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলাইদি নগালেণ্ড হৈ আলফা স্বাধীনত যোগদান কৰিবলৈ যোৱা সময়তে আটক কৰে চৰাইদেউ আৰক্ষীয়ে।

No comments