Breaking News

গোলাঘাটত বিশ্ব গ্ৰন্থ দিৱস উদযাপন



ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত আজি গোলাঘাট জাতীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিশ্ব গ্ৰন্থ দিৱস উদযাপন কৰা হয়। দিৱসৰ লগত সংগতি ৰাখি কেইবাখনো গ্ৰন্থৰ বিষয়বস্তুৰ আধাৰত বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ক শাখাত  ড০ ভৱেন্দ্ৰনাথ শইকীয়াৰ গ্ৰন্থ ‘মৰমৰ দেউতা বা ‘মোৰ শৈশৱ, মোৰ কৈশোৰ’ আৰু খ শাখাত হোমেন বৰগোহাঁঞিৰ ‘কিতাপ পঢ়াৰ আনন্দ বা ড০ ৰুবুল মাউতৰ ‘মোৰো এটা সপোন আছে’ শীৰ্ষক গ্ৰন্থ কেইখনৰ আধাৰত বক্তৃতা প্ৰতিযোগিতা খন অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাখনি পৰিচালনা কৰে প্ৰাক্তন উপাধ্যক্ষ তথা শিক্ষাবিদ ড০ লুকুমণি গোস্বামী আৰু অধ্যাপক দিগন্ত শইকীয়াই।

ইফালে দিৱসৰ লগত সংগতি ৰাখি ‘বৰ্তমান পৰিৱেশত গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা সন্দৰ্ভত’ এক বক্ততানুষ্ঠানৰো আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত বক্তা ৰূপে উপস্থিত থাকে বিশিষ্ট লেখক অৰ্ণৱ শইকীয়া।



উক্ত অনুষ্ঠানতে ৰিজুৱানা হুছেইনৰ দ্বাৰা ৰচিত গ্ৰন্থ কলাজ উন্মোচন কৰে বিশিষ্ট নিৱন্ধকাৰ ডাঃ অজিত বৰুৱাই।



গোলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক বনশ্ৰী কাকতিয়ে আঁত ধৰা  এই বিশ্ব গ্ৰন্থ দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে গোলাঘাট শাখা সাহিত্য সভাৰ সভাপতি অনিল শৰ্মা, উপ-সভাপতি ৱাজিদুৰ ৰহমান, প্ৰবীণ সাংবাদিক দ্বীপেন দত্ত,লেখিকা অপৰাজিতা বৰুৱা, গোলাঘাট জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী স্মৃতিৰেখা বৰা আদি

No comments