Breaking News

গোলাঘাট জিলাতো আৰম্ভ "কিষাণ ভাগীদাৰি প্ৰাথমিকতা হামাৰী" অভিযান

গোলাঘাট জিলাতো আৰম্ভ "কিষাণ ভাগীদাৰি প্ৰাথমিকতা হামাৰী" অভিযান ।  ১০২ খন গাওঁ পঞ্চায়তত বিশেষ গাঁওসভা সম্পন্ন। পিএম কিষাণৰ ১,২৩,৮১৭ জন হিতাধিকাৰীকে ধৰি সকলো যোগ্য খেতিয়কক কেচিচিৰ আওতালৈ অনাৰ লক্ষ্য



ডিজিটেল সংবাদ, গোলাঘাটঃ  আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি আজিৰে পৰা দেশৰ অন্যান্য ঠাইৰ লগতে গোলাঘাট জিলাতো কেন্দ্ৰীয় চৰকাৰৰ "কিষাণ ভাগীদাৰি প্ৰাথমিকতা হামাৰী" শীৰ্ষক অভিযান আৰম্ভ হৈছে । জিলাখনৰ ১০২ খন গাওঁ পঞ্চায়তত আজি অনুষ্ঠিত বিশেষ গাঁওসভাত এই অভিযানৰ শুভাৰম্ভ কৰা হয় । কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনৰ কৃষি আৰু কৃষক কল্যাণ বিভাগে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় শাসিত অঞ্চল, বেংক আদিৰ সহযোগত এই অভিযান হাতত লৈছে । এই অভিযানৰ প্ৰধান উদ্দেশ্য হ'ল কিষাণ ক্ৰেডিট কাৰ্ড অৰ্থাৎ কে চি চি নথকা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি চমুকৈ পি এম কিষাণ আঁচনিৰ যোগ্য হিতাধিকাৰীসকলক কেচিচি আঁচনিৰ আওতালৈ আনি বিভিন্ন সা-সুবিধা তথা কৃষি ঋণ প্ৰদানৰ ব্যৱস্থা কৰা । লগতে সকলো যোগ্য খেতিয়কক প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ বিভিন্ন সামাজিক সুৰক্ষা আঁচনি যেনে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা, অটল পেঞ্চন যোজনা আদিৰ আওতালৈ আনি সা সুবিধাসমূহ প্ৰদান কৰা আৰু বিশেষ গাঁওসভা অনুষ্ঠিত কৰি শস্য, পশুপালন, আৰু মীনপালন আদিৰ সৈতে জড়িত আঁচনিসমূহৰ বাবে অধিক কৃষকক কে চি চিৰ অধীনত পঞ্জীয়ন কৰাও এই অভিযানৰ অন্যতম উদ্দেশ্য । বিভিন্ন বেংক, জিলা প্ৰশাসন, নাবাৰ্ড, গাঁও পঞ্চায়ত, আৰু বিভিন্ন বিভাগে ঐক্যবদ্ধভাৱে ৰূপায়ণ কৰিবলগীয়া এই সপ্তাহজোৰা বিশেষ অভিযানত পি এম কিষাণৰ সকলো যোগ্য হিতাধিকাৰীক কে চি চি প্ৰদানৰ বাবে প্ৰয়াস চলোৱা হ'ব । গোলাঘাট জিলাত বৰ্তমান পি এম কিষাণৰ মুঠ হিতাধিকাৰীৰ সংখ্যা হ'ল ১,২৩,৮১৭ । জিলা কৃষি বিষয়া ৰঞ্জিত কুমাৰ শৰ্মাই কয় যে কৃষি খণ্ডৰে জড়িত লোকসকলে কে চি চি ঋণ লাভ কৰিব পাৰে । তেওঁ খেতিয়কসকলক কৃষি ঋণ লোৱাৰ লগতে নিজৰ ফচলৰ বীমা কৰোৱাবলৈ আহ্বান জনায় । আনহাতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জিলা নডেল বিষয়া ৰঞ্জন বৰুৱাই কয় যে ২৪ এপ্ৰিল বা এসপ্তাহৰ ভিতৰত পি এম কিষাণৰ যিকোনো হিতাধিকাৰীয়ে নিজৰ বেংকৰ শাখাত যোগাযোগ কৰি কে চি চি লাভ কৰিব পাৰে । এই অভিযানৰ অধীনত কৃষি, দুগ্ধ উৎপাদন-পশুপালন, মীনপালন আদি সকলো ধৰণৰ উৎপাদন তথা কৃষি কাৰ্যৰে জড়িত লোকে কে চি চি লাভ কৰিব পাৰিব বুলি তেওঁ কয় ।  



উল্লেখযোগ্য যে অভিযানৰ অংশৰূপে ২৫ এপ্ৰিলৰ পৰা ১ মে'লৈ 'ফচল বীমা পাঠশালা' শীৰ্ষক কাৰ্যসূচীও গ্ৰহণ কৰা হ'ব । এই কাৰ্যসূচীৰ উদ্দেশ্য হ'ল প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা সন্দৰ্ভত খেতিয়কসকলক অৱগত কৰোৱা আৰু অধিক খেতিয়কক এই বীমা আঁচনিৰ দ্বাৰা সামৰি লোৱা । 

No comments