Breaking News

কৃষি বিজ্ঞান কেন্দ্ৰ, গোলাঘাটত কৃষক মেলা আৰু কৃষি প্ৰযুক্তি প্ৰদৰ্শনী



ডিজিটেল সংবাদ, গোলাঘাটঃ  আজাদি কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে অব্যাহত ৰখা কিষাণ ভাগিদাৰী প্ৰাথমিকতা হামাৰি অভিযানৰ অংশৰূপে আজি কৃষি বিজ্ঞান কেন্দ্ৰ, গোলাঘাটত এখন কৃষক মেলা তথা কৃষি প্ৰযুক্তি প্ৰদৰ্শনী অনুষ্ঠিত হয় । জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই বিশিষ্ট অতিথি হিচাপে অংশ লৈ বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে । ইয়াৰ সৈতে সংগতি ৰাখি উপায়ুক্তগৰাকীয়ে এখনি কৃষি তথা কৃষক মেলাও উদ্বোধন কৰে । কাৰ্যসূচীৰ অংশৰূপে কৃষি বিজ্ঞানীৰ সৈতে কৃষকৰ মত বিনিময় অনুষ্ঠানৰ লগতে প্ৰাকৃতিক কৃষি, কৃষি যান্ত্ৰিকীকৰণ, কণী ধানৰ কৃষি পদ্ধতি আৰু জৈৱ উৎকৰ্ষিত শস্য সম্পৰ্কীয় এলানি বক্তৃতানুষ্ঠানো অনুষ্ঠিত হয় । অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ডঃ মনোৰঞ্জন নেওগ, বুঢ়ালিকচন কুঁহিয়াৰ গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডঃ তুলসী প্ৰসাদ শইকীয়া, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া, এল ডি এম সজীৱ কুমাৰ বৰা, জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মা, জিলা পশুপালন বিষয়া ডাঃ সত্যব্রত দত্ত চৌধুৰী, জিলা মীন বিষয়া সীমান্ত কোঁৱৰ, অসম গ্ৰামীণ বিকাশ বেংকৰ আঞ্চলিক প্ৰৱন্ধক মহেশ বৰুৱা, নুমলিগড় শোধনাগাৰৰ মহাপ্ৰৱন্ধক মিন্টু সন্দিকৈৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰৰ সমূহ বিজ্ঞানী আৰু বিষয়া-কৰ্মচাৰী উপস্থিত আছিল । উল্লেখযোগ্য যে কিষাণ ভাগিদাৰী প্ৰাথমিকতা হামাৰি অভিযানৰ অংশৰূপে আজি ৭৩৪টা কৃষি বিজ্ঞান কেন্দ্ৰত অনুৰূপ অনুষ্ঠানৰ আয়োজন কৰা হয় । এই কাৰ্যসূচীৰ উদ্দেশ্য হ'ল স্বাধীনতাৰ বিগত ৭৫ বছৰত কৃষি ক্ষেত্ৰখনত অৰ্জন কৰা মাইলৰ খুঁটিসমূহৰ বিষয়ে কৃষকক অৱগত কৰা । 

No comments