Breaking News

গোলাঘাটত মন্ত্ৰী কেশৱ মহন্ত



ডিজিটেল সংবাদ, গোলাঘাটঃ স্বাস্থ্যমন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই আজি গোলাঘাটৰ বগৰিজেং পুলিচ প্লে-গ্ৰাউণ্ডত উপস্থিত হৈ অহা ২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা ডিব্ৰুগড়ৰ পৰাই গোলাঘাটৰ প্ৰস্তাৱিত কৰ্কট ৰোগৰ চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন উপলক্ষে আয়োজন কৰা অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয় । তেওঁ এই কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট প্ৰতিটো বিভাগক নিজৰ দায়িত্ব নিয়াৰিকৈ পালন কৰিবলৈ নিৰ্দেশ দিয়ে । মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শন কালত জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত আৰু জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ কেইবাগৰাকীও বিষয়া উপস্থিত আছিল । উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীগৰাকীয়ে সেইদিনা ডিব্ৰুগড়ৰ পৰাই প্ৰতীকিভাৱে ৭ খন কৰ্কট ৰোগৰ চিকিৎসালয় উদ্বোধন কৰাৰ লগতে গোলাঘাটসহ আন ছখন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব ।

No comments