Breaking News

টাইৱানৰ বিশ্ব শাক-পাচলি কেন্দ্ৰৰ বিজ্ঞানীৰ দলে পৰিদৰ্শন কৰিলে গোলাঘাটৰ কৃষি পথাৰ



ডিজিটেল সংবাদ, গোলাঘাটঃ টাইৱানত থকা বিশ্ব শাক-পাচলি কেন্দ্ৰৰ এটা প্ৰতিনিধি দলে যোৱা ২৪ এপ্ৰিলত গোলাঘাট জিলা ভ্ৰমন কৰি ২০২১-২২ বৰ্ষৰ এপাৰ্ট প্ৰকল্পৰ অধীনত কৰা বিলাহী আৰু ৰঙালাওৰ খেতি পৰিদৰ্শন কৰে । কেন্দ্ৰটোৰ জ্যেষ্ঠ উদ্যান শস্যবিদ ডঃ পাওলা ছটেলো কাৰ্দনাৰ নেতৃত্বত অহা দলটোত আছে কীটতত্ববিদ ডঃ ছপানা য়ুলে । কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা, গোলাঘাট চমুকৈ আত্মাৰ প্ৰকল্প সঞ্চালকৰ প্ৰতিনিধিয়ে দুয়োগৰাকী বিজ্ঞানী আৰু কেন্দ্ৰটোৰ অসমৰ আৱাসিক বিষয়া ডঃ অৰবিন্দ উপাধ্যায়ক আদৰণি জনায় । বিজ্ঞানী দুগৰাকীয়ে বৰষুণ নপৰাৰ সু-ব্যৱস্থা কৰি এপাৰ্টৰ অধীনত অবতৰত কৰা খেতিৰ উচ্চ প্ৰশংসা কৰে । প্ৰতিনিধি দলটোৱে এপাৰ্ট প্ৰকল্পৰ অধীনত ৰূপায়িত বিভিন্ন কৃষি আঁচনিৰো অগ্ৰগতিৰ পৰ্যালোচনা কৰে । দুয়োগৰাকী বিজ্ঞানীয়ে জনসাধাৰণৰ জীৱন-ধাৰণৰ মান উন্নত কৰিব পৰাকৈ বিশ্ব শাক-পাচলি কেন্দ্ৰৰ বিভিন্ন উদ্ভাৱনীমূলক নতুন প্ৰযুক্তিৰ বিষয়ে বিতং ব্যাখ্যা আগবঢ়ায় । উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে কৃষি উৎপাদন বৃদ্ধি কৰি গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ উদ্দেশ্যে এপাৰ্ট প্ৰকল্পৰ অধীনত বিশ্ব বেংকৰ বিশেষ সাহায্যৰে ৰাজ্যখনত কেতবোৰ আঁচনি ৰূপায়ন কৰিছে । 

No comments