Breaking News

দগাওঁ শ্ৰীশ্ৰী বালিভূঁই বৰ এলেঙি সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু তৰুণ চন্দ্ৰ দেৱ গোস্বামীৰ দেহাৱসান

 


ডিজিটেল ডেস্কঃ দগাওঁ  শ্ৰীশ্ৰী বালিভূঁই বৰ এলেঙি সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু  তৰুণ চন্দ্ৰ দেৱ গোস্বামীৰ আজি পুৱা ১০-৩০ বজাত  গুৱাহাটীৰ নিজ বাস ভৱনত বৈকুণ্ঠগামী হয় ৷ তেখেত জুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হিন্দী শিক্ষক হিচাপে সুদীৰ্ঘ ৩৮ বছৰ শিক্ষকতা কৰি ১৯৯৯ বৰ্ষৰ ৩১ মাৰ্চ তাৰিখে অৱসৰ গ্ৰহণ কৰে ৷তেখেতৰ জন্ম হৈছিল ১৮৫৫ শকৰ ১০ ভাদ শণিবাৰ অৰ্থাৎ ইংৰাজী ১৯৩৪ চনত ৷তেখেত এগৰাকী সত্ৰৰ সত্ৰাধিকাৰৰ ওপৰিও একাধাৰে সাংস্কৃতিক সাধক , সমাজসেৱক , শিক্ষাবিদ আৰু সাহিত্য সভা , ধৰ্মীয় অনুষ্ঠান - প্ৰতিষ্ঠান , নগাঁও জিলাৰ সত্ৰ মহাসভাৰ বৰ্তমানৰ উপদেষ্টা  তথা অসম সত্ৰ মহাসভাৰ আজীৱন সদস্যৰ ওপৰিও জুৰীয়া দগাওঁ আদি বিভিন্ন অনুষ্ঠান , প্ৰতিষ্ঠান আদিৰ বিষয় বাবটো জঢ়িত হৈ আছিল ৷ বিভিন্ন অঞ্চলৰ ভক্ত - বৈষ্ণৱক শৰণ - ভজন দিছিল ৷ 

তাৰ উপৰিও নাট - ভাওনা আদিত বায়নৰ মুখ্য ভূমিকা পালন কৰি সকলোৰে পৰা সমাদৰ লাভ কৰিছিল ৷ সত্ৰৰ কৃষ্টি বিকাশ কেন্দ্ৰৰ জৰিয়তে বহুতো  ভক্ত বৈষ্ণৱ সকলক খোলৰ প্ৰশিক্ষণ আদি দিছিল ৷ ইয়াৰ উপৰিও সত্ৰৰ চাৰি প্ৰসঙ্গ নাম তেখেতে ৰাখিছিল ৷ তেখেতৰ বিয়োগত আমাৰ সত্ৰ তথা এই অঞ্চলৰ এক অপূৰণীয় ক্ষতি হ’ল ৷

No comments