Breaking News

মদনপুৰত ১৩ লাখ টকাৰ বিদেশী চিগাৰেট জব্দ। কামৰূপ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ৰ নেতৃত্বত জব্দ এই বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট।



পঙ্কজ নাথ, কামৰূপঃ কামৰূপ জিলাৰ চাংসাৰি থানাৰ অন্তৰ্গত মদনপুৰ টোলগেটত কালি নিশা কামৰূপ আৰক্ষীৰ এটা দলে জব্দ কৰে বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট। কামৰূপ আৰক্ষীৰ এটা দলে আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয় আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি চাংসাৰি থানাৰ অন্তৰ্গত মদনপুৰ টোল গেটত আৰ/এন এইচআৰ৫৫এএল৮৮০২ নম্বৰৰ ভাৰতীয় ডাক বিভাগৰ ট্ৰাক এখনত কঢ়িয়াই অনা এটা ডাক সামগ্ৰী আটক কৰি চাংসাৰি থানালৈ লৈ আহে । চাংসাৰি থানালৈ আনি অনুসন্ধান কৰাৰ পিছত এই ট্ৰাকখনৰ পৰা এক লাখ ত্ৰিশ হাজাৰ চিগাৰেট থকা বিদেশী চিগাৰেটৰ ১৩ টা কাৰ্টুন উদ্ধাৰ কৰা হয় । খবৰ অনুসৰি এই সামগ্ৰীখিনি মিজোৰামৰ পৰা দিল্লীলৈ যাবলগীয়া আছিল। জানিব পৰা মতে কালি উদ্ধাৰ হোৱা এইখিনি চিগাৰেটৰ বজাৰ মূল্য হৈছে প্ৰায় ১৩ লাখ টকা । কামৰূপ আৰক্ষীয়ে ভাৰতীয় ডাক বিভাগৰ সামগ্ৰী কঢ়িয়াই অনা গাড়ীখনৰ উপৰিও এই সন্দৰ্ভত ট্ৰাক চালক আৰু উপ চালক দুয়ো জনক আটক কৰে।

No comments