Breaking News

গোলাঘাটৰ ১০২ টা স্থানত অনুষ্ঠিত হ'ল ফচল বীমা পাঠশালা




ডিজিটেল সংবাদ, গোলাঘাটঃ আজাদি কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে অব্যাহত ৰখা কিষাণ ভাগিদাৰী প্ৰাথমিকতা হামাৰি অভিযানৰ অংশৰূপে আজি গোলাঘাট জিলাতো প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ১০২ টা স্থানত ফচল বীমা পাঠশালা শীৰ্ষক কাৰ্যসূচী ৰূপায়ন কৰা হয় । কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে নতুন দিল্লীৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে অসমকে ধৰি ২০ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত সমূহীয়া সেৱা কেন্দ্ৰসমূহৰ দ্বাৰা আয়োজিত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । কৃষিমন্ত্ৰী অতুল বৰাই ডিব্ৰুগড়ৰ পৰা এই কাৰ্যসূচীত ভাগ লৈ ৰাজ্যখনৰ খেতিয়কসকলক উদ্দেশ্যি ভাষণ দিয়ে । জিলা কৃষি কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী, এল ডি এম, বেংকৰ প্ৰতিনিধি, খণ্ড উন্নয়ন বিষয়া, গাঁও পঞ্চায়তৰ প্ৰতিনিধি, সমূহীয়া সেৱা কেন্দ্ৰ আৰু শস্য বীমা কোম্পানীৰ প্ৰতিনিধিসকলে আজিৰ কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে । জিলাখনৰ ৫ হাজাৰৰো অধিক খেতিয়কে আজিৰ ফচল বীমা পাঠশালাত অংশ লয় । আজিৰ কাৰ্যসূচীত ভাগ লৈ কৃষি উন্নয়ন বিষয়া, কৃষি সম্প্ৰসাৰণ সহায়ক আৰু ৰিলায়েন্স জেনেৰেল ক্ৰপ ইন্সুৰেঞ্চ এজেঞ্চিৰ প্ৰতিনিধিয়ে খেতিয়কসকলক কৃষি বীমাৰ গুৰুত্ব আৰু ফচল বীমা যোজনাৰ দ্বাৰা কেনেকৈ উপকৃত হ'ব পাৰি এই বিষয়ে বিতংভাৱে ব্যাখ্যা আগবঢ়ায় । জিলাখনৰ অন্যান্য ঠাইৰ লগতে আজি বোকাখাত পশ্চিম উন্নয়ন খণ্ড কাৰ্যালয়তো ফচল বীমা পাঠশালা অনুষ্ঠিত হয় । কৃষি বিভাগৰ বোকাখাত চক্ৰৰ কৃষি উন্নয়ন বিষয়া বৈচিত্ৰা হাকমাওচাই কাৰ্যসূচীত ভাগ লোৱা ১০০ জন খেতিয়কক কে চি চিৰ বাবে আবেদন পত্ৰ প্ৰদান কৰে আৰু ২৯ তাৰিখৰ ভিতৰত আবেদন পত্ৰসমূহ জমা দিবলৈ কয় । অনুষ্ঠানত এল ডি এম সজীৱ কুমাৰ বৰা আৰু কেইবাগৰাকীও বিষয়া উপস্থিত আছিল । 

No comments