Breaking News

মেচেজিং এপ হোৱাটছএপ ব্যৱহাৰকাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ





মন কৰিবলগীয়া এটা গুৰুত্বপূৰ্ণ কথা হ'ল যদি আপুনি ডিভাইচটো ভাগ বতৰা কৰি আছে তেন্তে আপোনাৰ চেট আৰু বাৰ্তাবোৰ আনৰ সন্মুখীন হ'ব পাৰে।



    মেচেজিং এপ হোৱাটছএপে ব্যৱহাৰকাৰীক একেলগে চাৰিটা ডিভাইচ লিংক কৰিবলৈ অনুমতি প্ৰদান কৰিছে। আপোনাৰ ফোন সংযোগী কৰি ৰখাৰ প্ৰয়োজন নোহোৱাকৈ একেলগে এতিয়াৰে পৰা চাৰিটা ডিভাইচ লিংক কৰিব পাৰিব। ইয়াৰ পূৰ্ব আপুনি এবাৰত কেৱল এটা ফোন লিংক কৰাৰ কৰ্তৃত্ব পাইছিল।

    আপুনি এবাৰত চাৰিটালৈকে লিংক কৰা ডিভাইচ আৰু এটা ফোন ব্যৱহাৰ কৰিব পাৰে। আপুনি ৱেব, ডেস্কটপ আৰু অন্যান্য ডিভাইচবোৰ আপোনাৰ ফোনৰ সৈতে লিংক কৰি হোৱাটছএপ ব্যৱহাৰ কৰিব পাৰিব। 

    গুৰুত্বপূৰ্ণ কথাটো হ’ল যে লিংক কৰা ডিভাইচবোৰত হোৱাটছএপ ব্যৱহাৰ কৰিবলৈ আপোনাৰ ফোনটো অনলাইন থকাৰ প্ৰয়োজন নাই, কিন্তু যদিহে আপুনি ১৪ দিনৰ অধিক সময় আপোনাৰ ফোন ব্যৱহাৰ নকৰে তেন্তে আপোনাৰ লিংক কৰা ডিভাইচবোৰ লগ আউট হৈ যাব।

    যদিও সুবিধাটোৱে আপোনাৰ প্ৰচেষ্টাত লগ ইন সহজ কৰা যেন লাগিলেও কিন্তু এটা কথা আপুনি গুৰুত্ব দিব লাগিব। কিয়নো যদি আপুনি ডিভাইচটো ভাগ বতৰা কৰি আছে তেন্তে আপোনাৰ চেট আৰু বাৰ্তাবোৰ আনৰ প্ৰত্যক্ষৰ সন্মুখীন হ'ব পাৰে।


No comments