Breaking News

পৰৱৰ্তী পাঁচ বছৰৰ ভিতৰত বিশ্বব্যাপী গড় উষ্ণতা অধিক বৃদ্ধি পাব।



পৰৱৰ্তী পাঁচ বছৰৰ ভিতৰত বিশ্বব্যাপী গড় উষ্ণতা অধিক বৃদ্ধি পাব। প্ৰাক-ঔদ্যোগিক স্তৰৰ পৰা ১.৫চে. অধিক হোৱাৰ সম্ভাৱনা আছে। 

বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ দ্বাৰা প্ৰস্তুত কৰা গ্লোবেল এনুৱেল টু ডেকাডাল ক্লাইমেট আপডেটে ৯৩% সম্ভাৱনা দেখুৱাইছে। ২০২২ৰ পৰা ২০২৬ বৰ্ষৰ  বছৰৰ গড় বিশ্বব্যাপী তাপমাত্ৰা যোৱা পাঁচ বছৰৰ অৰ্থাৎ ২০১৭-২০২১ বৰ্ষৰ গড়তকৈ অধিক হ'ব। 

এই প্ৰতিবেদনৰ নেতৃত্ব ড০ লিয়ন হাৰমেনছনে উল্লেখ কৰা অনুসৰি  বিশ্বব্যাপী উষ্ণতা বৃদ্ধি অব্যাহত থাকিব আৰু ২০২২ ৰ পৰা ২০২৬ চনৰ মাজৰ এটা বছৰ প্ৰাক-ঔদ্যোগিক স্তৰৰ পৰা ১.৫ চে. অতিক্ৰম কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে ২০২১ চনত, বিশ্বব্যাপী গড় তাপমাত্ৰা প্ৰাক-ঔদ্যোগিক বেচলাইনতকৈ ১.১ চে. অধিক আছিল। 



No comments