Breaking News

ঘূৰ্ণীবতাহ ‘আছানি’ৰ বাবে ১০খন বিমান চলাচল বাতিল



মঙলবাৰে ঘূৰ্ণীবতাহ ‘আছানি’ৰ বাবে চেন্নাই বিমানবন্দৰত হায়দৰাবাদ, বিশাখাপট্টনম, জয়পুৰ আৰু মুম্বাইকে ধৰি ১০ খন বিমান বাতিল কৰা হৈছে বুলি চেন্নাইৰ বিমানবন্দৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

বৰ্তমানেও তীব্ৰ ঘূৰ্ণীবতাহে ‘আছানি’ পশ্চিম-মধ্য অঞ্চল আৰু বংগোপসাগৰৰ ওচৰৰ দক্ষিণ-পশ্চিম অঞ্চলসমূহ প্ৰভাৱ বিস্তাৰ কৰি আছে।  ইয়াৰ ফলত বিশাখাপট্টনমৰ পৰা ৩৩০ কিলোমিটাৰ দক্ষিণ-দক্ষিণ-পূবত আজি ৰাতিলৈকে আৰু উত্তৰ-পশ্চিমদিশে আগবাঢ়ি যোৱাৰ সম্ভাৱনা অধিক।  


No comments