Breaking News

শ্ৰীলংকাত আতংকময় পৰিস্থিতি, চলিছে হত্যা, হিংসা



শ্ৰীলংকাত  অৰ্থনৈতিক সংকটে দিনে দিনে অধিক বেয়াৰ ফালে লৈ গৈছে । এতিয়া এনে পৰিস্থিত আহি পৰিছে যে, হাতত টকা থকাৰ পাছতো খাবলৈ খাদ্যৰ নাটনি দেশ খনত।প্ৰায় প্ৰতিদিনেই প্ৰতিবাদকাৰী জনতাই ক্ষোভতে শাসকীয় লোকৰ বিৰুদ্ধে হিংসাত্মক হৈ উঠিছে।আনহাতে অৰ্থনৈতিক সংকটত বিধ্বস্ত দেশখনত কালি চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীয়ে এজন সাংসদকো হত্যা কৰিছে।আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ বাধা দিবলৈ কন্দুৱা গেছ আৰু পানী হিলৈ প্ৰয়োগ কৰিছে, যাৰ ফলত কমেও ১০০ লোক আহত হৈ চিকিৎসালয়ত ভৰ্তি হব লগা হৈছে।প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষেয়ে ৰাষ্ট্ৰপতিৰ ওচৰত পদত্যাগপত্ৰ দাখিল কৰি, পত্ৰখনত লিখিছে, “মই তাৎক্ষণিক ভাৱে পদত্যাগ কৰিছো যাতে আপুনি দেশক বৰ্তমানৰ অৰ্থনৈতিক সংকটৰ পৰা বাহিৰ লৈ যাবলৈ এখন সৰ্বদলীয় চৰকাৰ নিয়োগ কৰিবলৈ সক্ষম হ’ব।”উল্লেখ্য যে, শ্ৰীলংকাই স্বাধীনোত্তৰ কালৰ পাছত এইয়ে প্ৰথম এইদৰে আটাইতকৈ বেয়া অৰ্থনৈতিক সংকটত ভুগিছে। বিগত কেইবা মাহ ধৰি দেশখনে খাদ্য, ইন্ধন আৰু ঔষধৰ ভয়ংকৰ অভাৱৰ সন্মুখীন হৈছে।সকলো সামগ্ৰীয়ে অভাৱনীয়ভাৱে মূল্য বৃদ্ধি পাইছে। বৰ্তমানে এনে পৰিস্থিতি আহি পৰিছে যে, টকা থাকিলেও খাদ্য ঔষধ নাই দেশ খনত। যাৰ ফলত বিগত কেইবাসপ্তাহধৰি চৰকাৰ বিৰোধী প্ৰদৰ্শন হৈছে শ্ৰীলংকাত।

No comments