Breaking News

চিনি উদ্যোগত ঊষা চাহ বাগিচাত মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ ওপৰত সজগতা কাৰ্যসূচী



পৰাগ বৰুৱা, ফৰকাটিং ঃ গোলাঘাট জিলাৰ ঊষা চাহ বাগিচাত চিনিৰ উদ্যোগত আৰু জিলা স্বাস্থ্য সেৱা আৰু সমাজ কল্যাণ বিভাগ,গোলাঘাটৰ সহযোগত ঊষা চাহবাগিচা খেল পথাৰৰ  ৰাজহুৱা ভৱনত "মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ ওপৰত সজাগতা কায্যসূচী  অনুষ্ঠিত হৈ যায়। উক্ত কাৰ্যসূচীৰ আঁতধৰে বে-চৰকাৰী সংস্থা চিনিৰ গোলাঘাট জিলাৰ সমন্বয়ক উদেষ্ণা কোঁৱৰে। সভাত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি গোলাঘাট জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তই গৰ্ভাৱতী, প্ৰসূতি মাতৃ সকলে নিজৰ লগতে সন্তানৰ প্ৰতি ল’বলগীয়া স্বাস্থ্যৰ যতন আৰু কম বয়সতে ছোৱালীৰ বিবাহ হোৱাৰ ব্যৱস্থা বন্ধ কৰিবৰ বাবে আহ্বান জনায় । ইয়াৰ উপৰিও অংগনবাড়ী কৰ্মী সকলক এই ক্ষেত্ৰত গুৰুত্ব সহকাৰে লৈ কাম সমূহ কৰিবলৈ আহ্বান জনায়। ইয়াৰ উপৰিও গোলাঘাট জিলাৰ যক্ষ্মা বিভাগৰ চিকিৎসক তথা তত্ত্বাবধায়ক ডাঃ সুনিতা এক্কাই গৰ্ভাৱতী, প্ৰসূতি মাতৃয়ে ল’বলগা প্ৰতিষেধক,সময় মতে স্বাস্থ্য পৰীক্ষা, খাদ্য আৰু যক্ষ্মা ৰোগৰ ওপৰত ল’বলগা চিকিৎসাসমূহ চৰকাৰী চিকিৎসালয়তে  সকলো  বিনামূলীয়া উপলব্ধ বুলি উল্লেখ কৰি ইয়াৰ সুযোগ গ্ৰহণ কৰাৰ বাবে সকলোকে আহ্বান জনায়।  ইয়াৰ উপৰিও জিলা পৰিপুষ্ঠি বিভাগৰ পৰামৰ্শদাতা  চেমিমে খাদ্য সম্পৰ্কত আৰু পোষণ বিভাগৰ গোলাঘাট জিলা সমন্বয়ক প্ৰিয়মজিৎ দুৱৰা আৰু সমাজ কল্যাণ বিভাগৰ মুখ্য সেৱিকা চেমিম হক উপস্থিত থাকি মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ ওপৰত এক মনোজ্ঞ ভাষণ প্ৰদান কৰে। সভাত যক্ষ্মা ৰোগৰ গোলাঘাটৰ বেণ্ড এম্বেচাডৰ অনুধৃতি মহন্তই ভায়লিনত তিনিটাকৈ গানৰ লহৰ তুলি সকলোকে আপ্লুত কৰে। 

No comments