Breaking News

অসম জাতীয় পৰিষদৰ পৰা পদত্যাগ চিত্তৰঞ্জন বসুমতাৰীৰ



'মই এতিয়া ৰাজনৈতিক ভাবে মুক্ত'-অসম জাতীয় পৰিষদৰ পৰা পদত্যাগ কৰিলে চিত্তৰঞ্জন বসুমতাৰীয়ে। অসম জাতীয় পৰিষদত খহনীয়া। অসম জাতীয় পৰিষদ দল ত্যাগ কৰিলে চিত্তৰঞ্জন বসুমতাৰীয়ে। মাজুলীৰ উপ নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰা চিত্তৰঞ্জন বসুমতাৰীয়ে নিজেই ফেচবুকৰ জৰিয়তে দল ত্যাগৰ কথা ঘোষণা কৰিছে। বসুমতাৰীয়ে ২০২১ৰ বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদৰ হৈ  ধেমাজি বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। শক্তিশালীৰূপত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই কম ভোটৰ ব্যৱধানত পৰাজয় স্বীকাৰ কৰিবলগা হৈছিল বসুমতাৰীয়ে। 

শক্তিশালী নেতাগৰাকীৰ পদত্যাগে অসম জাতীয় পৰিষদ দলক বৃহৎ ক্ষতি কৰাৰ আশংকা প্ৰকাশ কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে। 

No comments