Breaking News

গোলাঘাটত উন্মোচন প্ৰয়াত সংবাদিক পৰাগ কুমাৰ দাসৰ আৱক্ষ প্ৰতিমূৰ্তি।




গোলাঘাটৰ অন্যতম সংবাদসেৱী সংগঠন গোলাঘাট মিডিয়া ফ’ৰামৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি অসমৰ আপোচবিহীন সংবাদিক প্ৰয়াত পৰাগ কুমাৰ দাসৰ এটি আৱক্ষ মূৰ্তি গোলাঘাট পৌৰসভাৰ সহযোগত উন্মোচন কৰা হয়। নগৰখনৰ প্ৰমোদাভিৰাম দাস উদ্যানত মূৰ্তিটি আনুষ্ঠানিকভাৱে উন্মোচন কৰে গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱায়। প্ৰতিমূৰ্তিটো নিখুঁটভাৱে নিৰ্মাণ কৰে ভাস্কৰ্য শিল্পী বিজু দাসে। 



ইফালে আজিৰ এই সামগ্ৰিক অনুষ্ঠানটিৰ সংগতি ৰাখি গোলাঘাট মিডিয়া ফ’ৰামৰ সভাপতি দ্বীপেন দত্তৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত কৰা হয়। গোলাঘাট পৌৰসভাৰ সভাকক্ষত অনুষ্ঠিত হোৱা সভাখনত অতিৰক্তি আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিত, গোলাঘাট ৰাজহ চক্ৰ বিষয়া পাপৰি দাস, গোলাঘাট পৌৰসভাৰ প্ৰাক্তন পৌৰপতি জুৰি দাস ৰাজখোৱা, গোলাঘাট পৌৰসভাৰ উপ-পৌৰপতি সীমান্ত বৰা, শিক্ষাবিদ ৰবীন দত্ত, প্ৰাক্তন উপাধ্যক্ষ ড০ লুকুমণি গোস্বামী, সমাজকৰ্মী দেৱজিৎ বৰা, সাংবাদিক দিগন্ত কুমাৰ ভূঞা আদি উপস্থিত থকাৰ উপৰিও মিডিয়া ফ’ৰামৰ কাৰ্যকৰী সভাপতি অপূৰ্ব বল্লভ গোস্বামী, যুটীয়া সাধাৰণ সম্পাদক দিগন্ত কুমাৰ, মোস্তাক হুছেইন, পংকজ হাজৰিকা আদি ফ’ৰামৰ বিষয়ববীয়া-সদস্যসকল উপস্থিত থাকে।

No comments