Breaking News

দুৰ্নীতিৰ বিৰুদ্ধে সৰ্বভাৰতীয় স্তৰত যুজ দিয়াৰ সংকল্প সদৌ অসম উন্নয়ন পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰৰ


 দুৰ্নীতিৰ বিৰুদ্ধে সৰ্বভাৰতীয় স্তৰত যুজ দিয়াৰ সংকল্প সদৌ অসম উন্নয়ন পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰৰ: 

                               সৰ্বভাৰতীয় সাংবাদিক সন্হাৰ ৰাষ্ট্ৰীয় সভাপতিক সাক্ষাৎ।                                      


                                          .               

পঙ্কজ নাথ, কামৰূপঃ দূৰ্নীতিৰ বিৰুদ্ধে সৰ্বভাৰতীয় স্তৰত যুজ দিয়াৰ সংকল্প অসম আৰু অসমীয়াৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে কাম কৰি অহা তথা দুৰ্নীতিৰ বিৰুদ্ধে সবল স্থিতি গ্ৰহণ কৰি অহা জাতীয় সংগঠন সদৌ অসম উন্নয়ন পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰৰ । ইতিমধ্যে অসমৰ চৰকাৰী বিভিন্ন বিভাগৰ দুৰ্নীতি উন্নয়ন পৰিষদে তথ্য সহকাৰে বিগত সময়ছোৱাত উদঙাই দিছে আৰু দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্হিতি গ্ৰহন কৰি আহিছে । বৰ্তমান সময়ত ভাৰত চৰকাৰৰ জলজীৱন মিছন আচনিৰ অধীনত বহু কোটি -কোটি টকাৰ দুৰ্নীতি সংঘটিত হৈছে । এই দুৰ্নীতিৰ বিৰুদ্ধে সদৌ অসম উন্নয়ন পৰিষদে কঠোৰ স্হিতি গ্ৰহন কৰি আহিছে । ইতিমধ্যে ইয়াৰ বিৰুদ্ধে সংবাদ মেল পাতি বহু তথ্য উদঙাই দিছে সদৌ অসম উন্নয়ন পৰিষদে। পৰবৰ্তী সময়ত এইসমূহ দূৰ্নীতিৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্য্যায়ত মাত মাতিবৰ বাবে পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰে সৰ্বভাৰতীয় সাংবাদিক সন্হাৰ সভাপতি বিক্ৰম সেনক যোৱাকালি মুম্বাইৰ পশ্চিম অন্ধেৰীত সাক্ষাৎ কৰি দুৰ্নীতিৰ বিৰুদ্ধে তেখেত সকলে যুজি থকা যুজখনত সন্থাৰ সভাপতি সেনৰ সহযোগিতা কামনা কৰে । এই সাক্ষাৎ কালত সৰ্বভাৰতীয় সাংবাদিক সন্থাৰ সভাপতি বিক্ৰম সেনে উন্নয়ন পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰক তেওলোকৰ দুৰ্নীতি বিৰোধী সংগ্ৰামত সকলো ধৰনৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে ।

No comments