Breaking News

গোলাঘাট জিলাৰ বনগাঁও চ'লা হাইস্কুলত বুধবাৰে বিদ্যালয়ৰ মুখপত্ৰ "সূৰ্যোদয়" উন্মোচন

 


গোলাঘাট জিলাৰ বনগাঁও চ'লা হাইস্কুলত বুধবাৰে বিদ্যালয়ৰ মুখপত্ৰ "সূৰ্যোদয়" উন্মোচন কৰা হয়। বিদ্যালয়ৰ প্ৰাতঃসভা অনুষ্ঠানত সমূহ শিক্ষক-শিক্ষাৰ্থী , বিদ্যালয়ৰ পৰিচালনা সমিতি , বিদ্যালয়ৰ মাতৃগোট আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ সন্মুখত মুখপত্ৰ খন উন্মোচন কৰে কমাৰগাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিজুলী বৰচেতীয়াই। ড০ চেতীয়াই তেখেতৰ উন্মোচনী ভাষনত কয় যে মুখপত্ৰ "সূৰ্যোদয়" নামটোৱেই অতি অৰ্থব্যঞ্জক , তাতে এখন বিদ্যালয়ৰ  মুখপত্ৰ বিদ্যালয় দাপোন স্বৰূপ । প্ৰধান শিক্ষক দিলীপ ফুকনে  কভিদ মহামাৰীৰ সময়ত লকডাউনৰ" সূৰ্যোদয়" নামেৰে অনলাইন আলোচনী প্ৰকাশ হৈছিল যদিও পুনৰ ছপা আখৰে এইবছৰ বিদ্যালয়ৰ মুখপত্ৰ প্ৰকাশ পোৱাত আনন্দ প্ৰকাশ কৰি তাৰ বাবে  "সূৰ্যোদয়"ৰ তত্বাবধায়ক শিক্ষয়িত্ৰী গিৰিমল্লিকা শইকীয়া আৰু সম্পাদিকা প্ৰিয়াশী বৰাক ধন্যবাদ জনায়।

 বিশিষ্ট লেখক, চিন্তাবিদ ময়ুৰ বৰাই শুভেচ্ছা বাৰ্তাত কয় যে  বিদ্যালয়ৰ  বাৰ্ষিক মুখপত্ৰ "সূৰ্যোদয়" প্ৰকাশ কৰিবলৈ আগবঢ়াটো  ৰাজ্যখনৰ কেৱল শৈক্ষিক ক্ষেত্ৰখনৰ বাবেই নহয়, অসমীয়া ভাষা-সাহিত্যৰ জগতখনৰ বাবেও এক শুভংকৰ বাৰ্তা ।গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাইও তেওঁৰ শুভেচ্ছা বাৰ্তাত "সূৰ্যোদয় "  মুখপত্ৰ প্ৰকাশ পোৱাটো খুবেই ইতিবাচক কথা আৰু ই কেৱল এখন বিদ্যালয়ৰে নহয় এটা বৃহৎ অঞ্চল সাঙুৰি শৈক্ষিক আৰু আৰ্থসামাজিক দিশৰো অন্যতম মাপকাঠি বুলি কয়। গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ড০ সমীৰণ বৰাই শিক্ষক-শিক্ষাৰ্থী সকলৰ এনে মহৎ প্ৰচেষ্টাৰ প্ৰতি আদৰণি জনোৱাৰ লগতে অভিনন্দন জনায়।

No comments