Breaking News

পাভজান চাহ বাগিছাত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় উদ্বোধন মন্ত্ৰী কেশৱ মহন্তৰ

 



মাধুৰ্য কোঁৱৰ, বৰপথাৰঃ ৰাজ্য চৰকাৰে চাহ জনগোষ্ঠী লোকসকলৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি ৰাখি চাহ বাগিছাৰ ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক উত্তৰণৰ বাবে স্থাপন কৰা ১১৯ খনকৈ আদৰ্শ বিদ্যালয় ছাত্ৰ-ছাত্ৰী সকলৰ বাবে  আজি আনুষ্ঠানিকভাৱে  মুকলি কৰি দিয়া হয়। ৰাজ্যৰ আন প্ৰান্তৰ  সমান্তৰালকৈ সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰপথাৰ মৌজাৰ পাভজান চাহ বাগিছাত স্থাপন কৰা আদৰ্শ বিদ্যালয়খন আজি ছাত্ৰ-ছাত্ৰী সকলৰ বাবে উৎসৰ্গিত কৰে গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী কেশৱ মহন্তই। পাভজান চাহ বাগিছাত স্থাপন কৰা পাভজান আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় খন  উদ্বোধন কৰি মন্ত্ৰী গৰাকীয়ে  চাহ-বাগিছা অধ্যুষিত অঞ্চলৰ বাবে আজি শিক্ষাৰ ক্ষেত্ৰত এক ঐতিহাসিক দিন বুলি মন্তব্য কৰি কয় যে এই আদৰ্শ  উচ্চ মাধ্যমিক বিদ্যালয় খনে অঞ্চলটোৰ চাহ-বাগিছাৰ ছাত্ৰ-ছাত্ৰী সকলৰ দীৰ্ঘদিনৰ এক সমস্যা দূৰ কৰিব। ইপিনে যথা সময়ত  আতকধুনীয়াকৈ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ  হৈ উঠা এই বিদ্যালয়খন আজি শুভ উদ্বোধনৰ পাছতেই ছাত্ৰ-ছাত্ৰী সকলে শিক্ষা লাভ কৰিবলৈ সক্ষম হব। 

আজিৰ এই উদ্বোধনী অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ লগতে উপস্থিত আছিল স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন, গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনছেংফা বৰুৱা, ধনশিৰি মহকুমা আৰক্ষী বিষয়াকে ধৰি প্ৰথমবাৰৰ বাবে ছাত্ৰ-ছাত্ৰী সকল আৰু  স্থানীয় ৰাইজ উপস্থিত থাকে। ইপিনে মন্ত্ৰী গৰাকীয়ে বিদ্যালয় খনৰ পুনৰ গৃহ নিৰ্মাণৰ বাবে ৫০ লাখ টকাৰ আৰ্থিক অনুদানৰ কথা ঘোষণা কৰাৰ লগতে সৰুপথাৰত এখন জিলা পৰ্যায়ৰ চিকিৎসালয় স্থাপনৰ পৰিকল্পনাৰ বিষয়ে ৰাইজৰ আগত অৱগত কৰে।

No comments