Breaking News

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ হত্যাকাৰীক মুক্তিত দিয়াত চৰকাৰখন জড়িত হ'ব নেকি?"




"এয়ে নেকি কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ  প্ৰৱণতা ? দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ হত্যাকাৰীক মুক্তিত দিয়াত চৰকাৰখন জড়িত হ'ব নেকি?" এনেদৰে  মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰে ৰণদীপ সুৰজেৱালাই। 


 ৰাজীৱ গান্ধী হত্যাকাৰী মুক্তিক লৈ  কেন্দ্ৰক তীব্ৰ সমালোচনা কংগ্ৰেছৰ।  প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাৰ বাবে দোষী সাব্যস্ত হোৱা সাতজনৰ ভিতৰত এ জি পেৰাৰিভালানক মুক্তি দিয়া উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক কংগ্ৰেছে বুধবাৰে তীব্ৰ সমালোচনা কৰি এই ঘটনাত দুৰ্ভাগ্যজনক আখ্যা দিয়ে।


কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰণদীপ সুৰজেৱালাই এই সন্দৰ্ভত কয় যে, "উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তই আমাক গভীৰভাৱে দুখিত কৰিছে। যদি সন্ত্ৰাসবাদ আৰু এজন প্ৰধানমন্ত্ৰীৰ হত্যাৰ বাবে দোষী সকলক এনেদৰে মুকলি কৰা হয়, তেন্তে এই দেশত আইনৰ মহিমা আৰু অখণ্ডতা কোনে বজাই ৰাখিব?" 


ন্যায়াধীশ এল নাগেশ্বৰ ৰাওৰ নেতৃত্বত শীৰ্ষ আদালতৰ বিচাৰপীঠে ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ গোচৰত ৩০ বছৰতকৈও অধিক কাৰাবাস খাটি থকা পেৰাৰিভালনক মুক্তি দিয়াৰ নিৰ্দেশ দিয়াৰ কেইঘণ্টামান পিছতে সুৰজেৱালাৰ এই মন্তব্য কৰে। 

লগতে সুৰজেৱালাই কয় যে ২০১৮ চনত তামিলনাডুত এআইএডিএমকে-বিজেপি নেতৃত্বাধীন চৰকাৰে গান্ধীৰ হত্যাকাৰীসকলক মুক্তি দিয়াৰ পৰামৰ্শ দিছিল। এই বিষয়টো তেতিয়া তামিলনাডুৰ তদানীন্তন ৰাজ্যপাললৈ প্ৰেৰণ কৰা হৈছিল যিয়ে ইয়াক ভাৰতৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিছিল। যিহেতু তেওঁলোকৰ দুয়োটা প্ৰান্তৰ পৰাপৰামৰ্শ অনুসৰি কোনো "গ্ৰহণ বা অগ্ৰাহ্য" সিদ্ধান্ত লোৱা হোৱা নাছিল আৰু উচ্চতম ন্যায়ালয়ে পেৰাৰিভালনক মুকলি কৰি দিছিল। "এয়ে নেকি কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ  প্ৰৱণতা ? দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ হত্যাকাৰীক মুক্তিত দিয়াত চৰকাৰখন জড়িত হ'ব নেকি?" এনেদৰে  মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰে ৰণদীপ সুৰজেৱালাই। 

No comments