Breaking News

মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ গোলাঘাটত অমৃত সৰোবৰ, জল জীৱন অভিযান আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অগ্ৰগতিৰ পৰ্যালোচনা

 

ডিজিটেল ডেক্স গোলাঘাটঃৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে গোলাঘাট জিলাত ৰূপায়ন হৈ থকা চৰকাৰৰ ধ্বজাবাহী আঁচনি জলজীৱন অভিযান, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু অমৃত সৰোবৰ আঁচনি সন্দৰ্ভত আজি গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠকত অংশ লয় । তেওঁ নিৰ্ধাৰিত সময়ৰ ভিতৰত এই ধ্বজাবাহী আঁচনিসমূহৰ কাম সম্পূৰ্ণ কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে । তেওঁ অমৃত সৰোবৰ আঁচনিখনৰ সফল ৰূপায়নৰ বাবে বিশেষভাবে উন্নয়ন খণ্ড বিষয়াসকলক আঁচনিখন গুৰুত্বসহকাৰে লৈ ইয়াৰ ক্ষিপ্ৰ কাৰ্যৰূপায়নৰ বাবে ক্লাষ্টাৰ লেভেল ফাউণ্ডেছন চমুকৈ চিএলএফ হিচাপে কাম কৰিবলগীয়া আত্মসহায়ক গোটসমূহৰ সৈতে সমন্বয়েৰে কাম কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ কয় যে অমৃত সৰোবৰ আঁচনিখন 'অসম মডেল' হিচাপে সমগ্ৰ দেশতেই ৰূপায়ন কৰা হ'ব । এই 'অসম মডেল'ক সফল কৰাটো এতিয়া সংশ্লিষ্ট বিভাগীয় বিষয়া-কৰ্মচাৰীৰ পৰা উন্নয়ন খণ্ড বিষয়ালৈকে, জনপ্ৰতিনিধিৰ পৰা আত্মসহায়ক গোটৰ মহিলাসকললৈকে, সকলোৰে দায়িত্ব বুলি তেওঁ উল্লেখ কৰে । আনহাতে প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ পৰ্যালোচনা কৰি তেওঁ বেংক একাউণ্ট নোহোৱাৰ বাবে যিসকল হিতাধিকাৰীয়ে এতিয়াও গৃহ আবণ্টনৰ ধন লাভ কৰা নাই তেওঁলোকৰ একাউণ্ট খোলাৰ বাবে শীঘ্ৰে ব্যৱস্থা ল'বলৈ জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প বিষয়াক নিৰ্দেশ দিয়ে । মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ আন এখন ধ্বজাবাহী আঁচনি জল জীৱন অভিযানৰো অগ্ৰগতিৰ বুজ লয় । তেওঁ আঁচনিখনৰ সফল ৰূপায়ন সুনিশ্চিত কৰাৰ বাবে অতি সোনকালে উপভোক্তা সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ সপ্তাহৰ অন্ততঃ এটা দিন অগ্ৰাধিকাৰ ভিত্তিত পঞ্চায়তৰ সভাপতি আৰু সচিবসকলৰ সৈতে এই আঁচনিখনৰ কামৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিবলৈ তথা নিজে ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ উন্নয়ন খণ্ড বিষয়াসকলক নিৰ্দেশ দিয়ে । এইক্ষেত্ৰত পঞ্চায়ত প্ৰতিনিধিসকলৰ কৰণীয়সমূহৰ বিষয়ে তেওঁলোকক সজাগ কৰি নিয়মীয়াকৈ আঁচনিখনৰ নিৰীক্ষণ অব্যাহত ৰাখিবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায় । তেওঁ জনস্বাস্থ্য কাৰিকৰী বিভাগকো এইক্ষেত্ৰত উন্নয়ন খণ্ড বিষয়াসকলৰ সৈতে সমন্বয়েৰে কাম কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ কয় যে ২০২৪ চনৰ ভিতৰত অসমৰ প্ৰতিটো পৰিয়ালে নলযোগে পানীৰ সংযোগ লাভ কৰাটো সুনিশ্চিত কৰিব লাগিব । তেওঁ নাৰীৰ আৰ্থিক সবলীকৰণৰ বিষয়টোত গুৰুত্ব আৰোপ কৰি মহিলা আত্মসহায়ক গোটৰ সদস্য সকলৰ বছৰি উপাৰ্জন ১ লাখ টকালৈ বৃদ্ধি কৰাৰ বাবে উদ্ভাৱনমূলক পদক্ষেপ ল'বলৈ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ বিষয়াসকলক নিৰ্দেশ দিয়ে । তেওঁ কয় যে অসমৰ ৩ লাখ আত্মসহায়ক গোটৰ ৩০ লাখ মহিলাই বছৰি ১লাখ টকাকৈ উপাৰ্জন কৰিলে ৩০ হাজাৰ কোটি টকা উপাৰ্জন হ'ব আৰু ই অসমৰ মুঠ ঘৰুৱা উৎপাদনৰ ছবিখনেই সলনি কৰি দিব । তেওঁ অসমৰ ভিতৰতে গোলাঘাট জিলাক লেখত ল'বলগীয়া জিলা হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে সকলোকে দায়বদ্ধতাৰে কাম কৰিবলৈ আহ্বান জনায় । 

উল্লেখযোগ্য যে অমৃত সৰোবৰ আঁচনিৰ অধীনত গোলাঘাট জিলাকে ধৰি ৰাজ্যৰ প্ৰতিখন জিলাতে ৭৫ টাকৈ পুখুৰী নিৰ্মাণ কৰা হ'ব । প্ৰায় এক হেক্টৰ মাটিত একোটা পুখুৰী নিৰ্মাণ কৰা হ'ব । আনহাতে জল জীৱন মিছনৰ অধীনত গোলাঘাট জিলাত ১,২৮,৬৫২ টা পৰিয়ালক এই বছৰৰ ভিতৰতে নলযোগে পানীৰ সংযোগ প্ৰদানৰ লক্ষ্য লোৱা হৈছে । একেদৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত ১৭,৯৮৪ টা গৃহৰ নিৰ্ধাৰিত লক্ষ্যৰ ভিতৰত ১৬,১৮০ টা অৰ্থাৎ ৯০ শতাংশ গৃহৰ কাম সম্পূৰ্ণ হৈছে । 

আজিৰ বৈঠকত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন আৰু উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ লগতে বিভিন্ন বিভাগৰ জিলা মুৰব্বী, উন্নয়ন খণ্ড বিষয়াসকল আৰু কৰ্মচাৰীসকল উপস্থিত আছিল

No comments