Breaking News

লোকনিৰ্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ গোলাঘাট ক্ষেত্ৰীয় গৃহ সংমণ্ডলৰ কাৰ্যালয় মুকলি



ডি়জিটেল সংবাদ, গোলাঘাটঃ লোকনিৰ্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ গোলাঘাট ক্ষেত্ৰীয় গৃহ সংমণ্ডলৰ কাৰ্যালয়টো আজি মুকলি কৰা হয় । খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া আৰু জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই আজি কাৰ্যালয়টো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে । যোৱা বছৰৰ ৩ নৱেম্বৰত অসম চৰকাৰে লোকনিৰ্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ যোৰহাট ক্ষেত্ৰীয় গৃহ সংমণ্ডলৰ পৰা পৃথক কৰি ইয়াক এটা সুকীয়া সংমণ্ডল হিচাপে অধিসূচিত কৰিছিল । বোকাখাত আৰু খুমটাই ক্ষেত্ৰীয় গৃহ উপ-সংমণ্ডল আৰু গোলাঘাট আৰু সৰুপথাৰ ক্ষেত্ৰীয় গৃহ উপ-সংমণ্ডল এই সংমণ্ডলৰ অধীনস্থ হ'ব । আজি উদয়ন বৰঠাকুৰে এই সংমণ্ডলটোৰ কাৰ্যবাহী অভিযন্তা হিচাপে যোগদান কৰে । গোলাঘাটৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমীপত থকা লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) ৰ কাৰ্যালয় ভৱনতে এই কাৰ্যালয়টো স্থাপন কৰা হৈছে । কাৰ্যবাহী অভিযন্তা হিচাপে দায়িত্ব লৈ শ্ৰী বৰঠাকুৰে কয় যে যোৰহাট সংমণ্ডলৰ পৰা পৃথক কৰি নতুন সংমণ্ডল সৃষ্টি কৰাত এতিয়া গোলাঘাট, সৰুপথাৰ, খুমটাই আৰু বোকাখাত সমষ্টিৰ বিভাগৰ কাম-কাজসমূহ নিয়াৰিকৈ সম্পন্ন কৰাত সহায় হ'ব ।

 আজিৰ অনুষ্ঠানত লোকনিৰ্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ কেইবাগৰাকীও বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰ উপস্থিত আছিল ।

No comments