Breaking News

আজি ৱৰ্ল্ড প্ৰেছ ফ্ৰিডম ডে



ডিজিটেল ডেস্কঃ বিশ্বত প্ৰতি বছৰে ৱৰ্ল্ড প্ৰেছ ফ্ৰিডম ডে পালন কৰি অহা হৈছে।  আপোনালোকে জানিব বিচাৰে নে কিয় ৱৰ্ল্ড প্ৰেছ ফ্ৰিডম ডে মনা হয়? দৰাচলতে UNO(সযুক্ত ৰাষ্ট্ৰ মহাসংঘ) ই ১৯৯৩ চনৰ ৩ মে'ৰ দিনটোৰ পৰাই  প্ৰতি বছৰে এই দিৱস পালন কৰি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সমগ্ৰ বিশ্বৰ লগতে ভাৰততো আজি ৱৰ্ল্ড প্ৰেছ ফ্ৰিডম ডে উদযাপন কৰা হৈছে।  এই বছৰৰ দিৱসৰ মূলবাণী হৈছে- ‘সাংবাদিকতা ডিজিটেলৰ অধীনত অৱৰোধ’। 

       ১০০ ৰো অধিক দেশে এই ৱৰ্ল্ড প্ৰেছ ফ্ৰিডম ডে উদযাপন কৰি আহিছে। সংবাদ মাধ্যম আৰু সংবাদ কৰ্মীসকলৰ কৰ্তব্যৰ প্ৰতি আৰু সন্মানৰ বাবে উপলব্ধি কৰিবৰ বাবে  ৱৰ্ল্ড প্ৰেছ ফ্ৰিডম ডে” বিশেষভাৱে পালন কৰা হয়। এই দিৱসৰ উদ্দেশ্য হ’ল  যে  ‘প্ৰেছৰ স্বাধীনতা আৰু ইয়াৰ মহত্বক লৈ বিশ্বৰ চৌদিশে লোকসকলক সচেতন কৰা’। 

উল্লেখ্য যে প্ৰথমতে ১৯৯১ত দক্ষিণ আফ্রিকাৰ পত্রকাৰে মিডিয়াৰ আজাদীক লৈ তেওঁলোকে মাত মাতিছিল। ইয়াৰ পিছত ৩মে'ত  Dileration of Withdrawal নামত প্ৰেছৰ স্বতন্ত্রতাৰ লগত জড়িত এক সংস্থাই সিদ্ধান্ত জাৰি কৰিছিল। ইয়াৰ ওপৰত ভৰসা কৰি   UNO য়ে সিদ্ধান্ত ল'লে আৰু এই কথাৰ গম্ভীৰতাক লৈ ঘোষণা কৰিলে যে প্ৰতি বছৰে ৩ মে'ত বিশ্ব স্বতন্ত্ৰতা দিৱস মনা হ’ব । মিডিয়া আৰু কিছুমান প্ৰেছে দেশক সচেতন কৰা দেখা যায়। য'ত খবৰৰ জৰিয়তে লোকসকলৰ মাজত জাগৰণৰ সৃষ্টি কৰে আৰু ভৱিষ্যতৰ সিদ্ধান্ত ল'বলৈও নাগৰিকৰ কামত আহে। 

বিশেষকৈ  সংবাদ মাধ্যমসমূহ আৰু সংবাদকৰ্মীসকলে সমাজৰ গাঁথনিৰ বাবে গণতন্ত্ৰৰ সপক্ষে ৰাইজৰ হৈ মাত মাতি গৈছে আৰু আমাৰ গণতান্ত্ৰিক অধিকাৰসমূহক চৰকাৰৰ ওচৰলৈ আগবঢ়াই নিয়াত সহায় কৰিছে। গতিকে সংবাদমাধ্যম আৰু সংবাদ কৰ্মীসকলৰ প্ৰতি সন্মান আৰু দায়বদ্ধতা প্ৰদৰ্শন কৰি এই “ৱৰ্ল্ড প্ৰেছ ফ্ৰিডম ডে” উদযাপন কৰি অহা হৈছে।

No comments