Breaking News

ধুবুৰীত ঈদৰ সমূহীয়া নামাজত ধুবুৰীৰ ঈদগাহ ময়দানত হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণ

 


ডিজিটেল ডেস্ক ধুবুৰী:মাহজোৰা ৰোজাৰ অন্তত আজি দেশজুৰি উদযাপন কৰা হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ-উল-ফিতৰ। কাল কৰোণাৰ দুটা বছৰ বিভীষিকাই দেশত সংহাৰ চলোৱাৰ পিছত  এইবাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা পোৱা গল এক উখল মাখল  পৰিৱেশ । আজি পুৱাৰ পৰাই জনমানসৰ ভিৰ দেখা পোৱা গ'ল ধুবুৰীৰ  ঈদগাহ ময়দানত । 



ধুবুৰীৰ ঈদগাহ ময়দানত হাজাৰ হাজাৰ ইছলাম ধৰ্মৱালী লোকে এইবাৰ একেলগে নামাজ পঢ়ে। লোক সকলে ইজনে আনজনক  ঈদৰ শুভেচ্ছা জনোৱাৰ লগতে  শান্তি আৰু সম্প্ৰীতি ৰক্ষাৰ বাবে  নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰে । এইবাৰ ঈদৰ নামাজ আদায় কৰে ধুবুৰী চহৰৰ বাহাদুৰটাৰী জামে মছজিদৰ ইমাম মৌলানা আব্দুল ৰছিদে

No comments