Breaking News

মেৰাপানীত ঈদ-উল-ফিটৰ উপলক্ষে মিঠাই চৰবত বিতৰন

 


ডিজিটেল ডেস্ক মেৰাপানী:হিন্দু মুছলমানৰ ধৰ্মীয় বিভেদ আৰু ধৰ্মীমেৰুকৰণৰ বিপৰীতে কঢ়িয়াই আনক মানৱতাৰ জয়গান। পবিত্ৰ ৰমজানৰ ৰোজাৰ পাছত আজি বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো ঈদ-উল-ফিটৰ উদ্‌যাপন কৰিছে ইচলাম ধৰ্মালম্বী লোক সকলে। ভাতৃত্ববোধ আৰু বিশ্বশান্তিৰ কামনাৰে মঙ্গলবাৰে শিঙৰাজান ঈদগাহত সমূহীয়া নামাজ পাঠৰ পাছতে ইচলাম ধৰ্মৰ লোক সকলৰ মাজত ঈদৰ উছাহ উদ্দিপনা পৰিলক্ষিত হয়। ইফালে আজি পবিত্ৰ ঈদৰ দিনাই ঘিলাধাৰীৰ ৰূপকলীয়াত ঈদগাহ উন্মোচন কৰে। গুৱাহাটীৰ লাচিত নগৰৰ নিবাসী ডা: লুটফুৰ ৰহমান আৰু তেওঁৰ পৰিয়াল বৰ্গই দান দিয়া এই ঈদগাহ ভাগত ৰাইজে আজি ঈদৰ নামাজ পঢ়ি পথচাৰীক মিঠাই, চৰবত বিতৰণৰে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে

No comments