Breaking News

ত্ৰিপুৰাত ৰাজনৈতিক পট পৰিৱৰ্তনঃ মুখ্যমন্ত্ৰী পদৰ পৰা পদ্ত্যাগ বিপ্লৱ কুমাৰ দেৱৰ



ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে খন্তেক সময়ৰ পূৰ্বে  পদত্যাগ কৰাৰ খবৰ আহি পৰিছে। ৰাজ্যপালক পদত্যাগ পত্ৰ প্ৰদান কৰিছে  মুখ্যমন্ত্ৰীগৰাকীয়ে। পদত্যাগৰ পিছতে আগৰতলাত বিজেপিৰ বিধায়িনী দলৰ দ্বাৰা অনুষ্ঠিত কৰা হ’ব বৈঠক। উক্ত বৈঠকতে এজন নতুন মুখ্যমন্ত্ৰীৰ নাম উল্লেখ কৰাৰ সম্ভাৱনা আছে। কিয় পদত্যাগ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই। দিল্লীৰ পৰা উভতি অহাৰ পিছতেই এনেদৰে পদত্যাগ কৰা ঘটনাই ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা লাভ কৰিছে। উল্লেখ্য যে কালিৰ দিনটতো ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা, গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছিল। এতিয়া কেন্দ্ৰীয় নেতৃত্বৰ হেঁচাতেই এনেদৰে পদত্যাগ কৰা বুলি চৰ্চা লাভ কৰিছে। 


No comments