Breaking News

পঞ্জাৱৰ স্বাস্থ্য মন্ত্ৰীক বৰ্খাস্তঃ পঞ্জাৱৰ মুখ্যমন্ত্ৰীক প্ৰশংসা অৰবিন্দ কেজৰিৱালৰ

পঞ্জাৱৰ স্বাস্থ্য মন্ত্ৰীক বৰ্খাস্তঃ পঞ্জাৱৰ মুখ্যমন্ত্ৰীক প্ৰশংসা অৰবিন্দ কেজৰিৱালৰ, ক’লে 'আপোনাৰ বাবে গৌৰৱান্বিত ভগৱন্ত'।



দুৰ্নীতিৰ অভিযোগত পঞ্জাৱৰ স্বাস্থ্য মন্ত্ৰীক বৰ্খাস্ত কৰিলে মুখ্যমন্ত্ৰী ভগৱন্ত মানে। এই সন্দৰ্ভত  প্ৰতিক্ৰিয়া ব্যক্ত কৰি দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে কয় যে, ভগৱন্ত মানক লৈ মই গৌৰৱান্বিত আৰু তেওঁৰ কাৰ্যই তেওঁৰ চকুত চকুপানী কঢ়িয়াই আনিছে। টুইটাৰৰ জৰিয়তে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে লিখিছে, "ভগৱন্ত আপোনাক লৈ গৌৰৱান্বিত। আপোনাৰ কাৰ্য্যই মোৰ চকুত চকুপানী কঢ়িয়াই আনিছে। সমগ্ৰ ৰাষ্ট্ৰই আজি আপৰ বাবে গৌৰৱান্বিত অনুভৱ কৰিছে।"


পঞ্জাৱৰ স্বাস্থ্য মন্ত্ৰী বিজয় চিংলাক ৰাজ্যিক কেবিনেটৰ পৰা বৰ্খাস্ত কৰা আৰু দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পিছতে পঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে কেজৰিৱাল।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী জানিবলৈ দিয়ে যে সিংলাই তেওঁৰ বিভাগৰ নিবিদা আৰু ক্ৰয়ত এক শতাংশ কমিছন দাবী কৰি আছে বুলি গম পোৱাৰ পিছত এই সিদ্ধান্ত লোৱা হৈছিল। লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে তেওঁ আৰক্ষীক চিংলাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈও নিৰ্দেশ দিছিল। ইয়াৰ পিছতেই পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চিংলাক।

মুখ্যমন্ত্ৰী মনে কয় যে চিংলা তেওঁৰ বিভাগত অনিয়মত জড়িত আছিল আৰু তেওঁ সেইটো স্বীকাৰ কৰিছে।


দুৰ্নীতিৰ প্ৰতি আপ চৰকাৰৰ শূণ্য সহনশীলতা আছে বুলি দাবী কৰি পঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আঙুলিয়াই দিয়ে যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও ২০১৫ চনত তেওঁৰ খাদ্য আৰু যোগান মন্ত্ৰীক আঁতৰাই চিবিআইক গোচৰটো হস্তান্তৰ কৰিছিল।

"মই এটা টকাৰ দুৰ্নীতি সহ্য নকৰো। আমি পঞ্জাৱক দুৰ্নীতিমুক্ত ৰাজ্যলৈ পৰিণত কৰিব বিচাৰো", মানে দৃঢ়তাৰে কয়।


উল্লেখ্য যে ৫২ বছৰীয়া বিজয় চিংলা মানসা আসনৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল। তেওঁ পাঞ্জাৱী গায়ক আৰু কংগ্ৰেছ প্ৰাৰ্থী শুভদীপ সিং সিদ্ধুক পৰাজিত কৰিছিল, যাক সিদ্ধু মুজৱালা বুলিও কোৱা হৈছিল। চিংলা এজন দন্ত শল্য চিকিৎসক।

No comments