Breaking News

টেক্সাছত ভয়ংকৰ ঘটনা, বিদ্যালয়ত নিৰ্বিচাৰ গুলীচালনা যুৱকৰ, ১৮ টি শিশুৰ মৃত্যু



 ১৮ বছৰীয়া বন্দুকধাৰীয়ে আক্ৰমণৰ পূৰ্বেই ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল ২ টা ৰাইফলৰ ছবি 


টেক্সাছৰ প্ৰাথমিক বিদ্যালয়ত ১৮গৰাকী শিশুসহ ২১ জন লোকক গুলীয়াই হত্যা কৰে এজন যুৱকে।  ১৮ বছৰীয়া বন্দুকধাৰী ছালভাডৰ ৰামোছে সংঘটিত কৰে এই গণহত্যাৰ। এই আক্ৰমাণৰ পূৰ্বে ইনষ্টাগ্ৰামত ২টা এছল্ট ৰাইফলৰ এখন ফটো পোষ্ট কৰিছিল আক্ৰমণকাৰী ছালভাডৰ ৰামোছে 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়াসকলে জনোৱা অনুসৰি স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ১১:৩২ বজাত উভালদেৰ ৰব প্ৰাথমিক বিদ্যালয়লৈ যোৱাৰ আগতে ১৮ বছৰীয়া ৰামোছে তেওঁৰ আইতাকক দুটা এছল্ট ৰাইফলৰে গুলীয়াই হত্যা কৰে।

মঙলবাৰে উভালদেৰ ৰব প্ৰাথমিক বিদ্যালয়ত সংঘটিত গণ গুলীচালনাৰ ঘটনাত চিনাক্ত কৰা ১৮ বছৰীয়া বন্দুকধাৰীজনক গুলীচালনাৰ পিছত আৰক্ষীয়ে হত্যা কৰে। 

মঙলবাৰে সংঘটিত গুলীচালনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসৰ অন্যতম গণহত্যাৰ ভিতৰত এটা আছিল। ২০১২ চনত কানেক্টিকাটৰ চেণ্ডি হুক প্ৰাথমিক বিদ্যালয়ত হোৱা গুলীচালনাত ২০ জন প্ৰথম শ্ৰেণীৰ ছাত্ৰ আৰু ৬ জন শিক্ষাবিদ নিহত হৈছিল। সেই ক্ষেত্ৰত বন্দুকধাৰী এডাম লানজাই বিদ্যালয়ত গুলী চালনা কৰাৰ আগতে বিচনাত মাকক গুলীয়াই হত্যা কৰিছিল। ২০০৭ চনত ভাৰ্জিনিয়া টেকত হোৱা গুলীচালনাত ৩২ জন লোকৰ মৃত্যু হৈছিল।

উক্ত ঘটনাত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে চাৰিদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। যুৱকজনে কিয় এই ঘটনা সংঘটিত কৰিলে সেই সন্দৰ্ভত বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। 

No comments