Breaking News

অসমতো নেৰানেপেৰা বৰষুণৰ হোৱাৰ সম্ভাৱণা আছে নেকি? কি কয় বতৰ বিভাগে



ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বুধবাৰে কয় যে দক্ষিণ-পশ্চিম মৌচুমী বায়ু অহা ৪৮ ঘণ্টাত 'দক্ষিণ-পশ্চিম আৰু দক্ষিণ-পূব আৰৱ সাগৰৰ কিছু অংশ, মালদ্বীপ আৰু কমোৰিন অঞ্চল, দক্ষিণ আৰু পূব-মধ্য বংগোপসাগৰ আৰু উত্তৰ-পূব বংগোপসাগৰৰ কিছু অংশ'ত আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে। 

২৯ মে'ত অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত আৰু ২৬, ২৮ আৰু ২৯ মে'ত অসম আৰু মেঘালয়ত নেৰানেপেৰাকৈ  ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। পৰৱৰ্তী পাঁচ দিনত অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, কৰ্ণাটক আৰু তামিলনাডুতো নেৰানেপেৰা বৰষুণ হ'ব পাৰে।

ইফালে, প্ৰাক-মৌচুমী বানপানীৰ ফলত দেশৰ (আৰু চুবুৰীয়া বাংলাদেশ) বৃহৎ অংশ ক্ষতিগ্ৰস্ত হৈছে, যাৰ ফলত কমেও ২৪ জন লোকৰ মৃত্যু হৈছে আৰু লাখ লাখ লোকক আশ্ৰয় শিবিৰলৈ প্ৰেৰণ কৰা হৈছে, 

No comments