Breaking News

ইয়াছিন মালিকৰ ওপৰত আদালতৰ ৰায়ৰ পূৰ্বে শ্ৰীনগৰত আংশিক বন্ধ পালন



সন্ত্ৰাসবাদীৰ পুঁজিৰ গোচৰত দোষী সাব্যস্ত হোৱা বিচ্ছিন্নতাবাদী য়াছিন মালিকৰ শাস্তিৰ পৰিমাণ সন্দৰ্ভত আদালতৰ ৰায়ৰ পূৰ্বে বুধবাৰে শ্ৰীনগৰৰ কিছু অংশত স্বতঃস্ফূৰ্তভাৱে বন্ধ পালন কৰা হয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে। তেওঁলোকে কয় যে মাইচুমা আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ বেছিভাগ দোকান আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ আছিল, যাৰ ভিতৰত লাল চকৰ কিছু অংশ দোকানো বন্ধ আছিল। পুৰণি চহৰৰ কিছুমান অঞ্চলৰ দোকানসমূহো বন্ধ আছিল, অৱশ্যে, ৰাজহুৱা পৰিবহন স্বাভাৱিকভাৱে চলি থকা বুলি উল্লেখ কৰে। 

অন্যহাতে আইন-শৃংখলা যাতে কোনো বিঘ্নিত নহয় তাৰ বাবে চহৰখনত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। 

নিষিদ্ধ জেকেএলএফৰ মুৰব্বী মালিকক ১৯ মে'ত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে পুঁজি যোগান ধৰা সম্পৰ্কীয় এটা গোচৰত কঠোৰ সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত দিল্লীৰ এখন আদালতে দোষী সাব্যস্ত কৰিছিল। ইফালে মালিকে তেওঁৰ বিৰুদ্ধে আৰোপ কৰা সকলো অভিযোগৰ বাবে দোষ স্বীকাৰ কৰিছিল।


বিশেষ ন্যায়াধীশ প্ৰবীণ সিঙে সেইসময়ত মালিকৰ বিৰুদ্ধে ৰায়দান ঘোষণা কৰিবলৈ বিষয়টো ২৫ মে' তাৰিখটো ৰাখিছিল আৰু লগতে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাক মালিকৰ বিত্তীয় অৱস্থা মূল্যাঙ্কন কৰিবলৈ নিৰ্দেশ দিছিল যাতে আৰোপ কৰিব পৰা জৰিমনাৰ পৰিমাণ নিৰ্ধাৰণ কৰিব পাৰি। 


No comments