Breaking News

ৰতন টাটাৰ অসমবাসীলৈ পুনৰ নতুন উপহাৰ, ২০ হাজাৰ যুৱক-যুৱতী বছৰি লাভাম্বিত হোৱাৰ দিশে




ডিজিটেল ডেস্কঃ অসমবাসীৰ বাবে আপোন হৈ পৰিছে ৰতন টাটা।পুনৰ ৰাজ্যখনক দিবলৈ ওলাইছে অন্য এক উপহাৰ। ইতিমধ্যে কেইবাখনো কেঞ্চাৰ হাস্পতাল নিৰ্মাণ কৰি থকাৰ পিছত এইবাৰ টাটা ট্ৰাষ্টৰ সহযোগত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিব ৩৪ খন পলিটেকনিক আৰু ৪৩ খন আই টি আই।হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেলযোগে এই কথা জানিব দিয়ে।৩৪ খন পলিটেকনিক আৰু ৪৩ খন আই টি আইৰ বাবে খৰছ হ’ব মুঠ ২৩৯০ কোটি টকা । ইয়াৰে ভিতৰত ৮৭ শতাংশ খৰছ বহন কৰিব টাটা টেকন’লজীয়ে। বাকী খৰছ বহন কৰিব ৰাজ্য চৰকাৰে।এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠাৰ পিছত ইয়াৰ দ্বাৰা প্ৰতিবছৰে ২০ হাজাৰ দক্ষতা সম্পন্ন যুৱক-যুৱতী লাভান্বিত হ’ব বুলি মন্ত্ৰী কেশৱ মহন্তই জানিব দিছে। উল্লেখযোগ্য যে, ২০১৮ চনত স্বাক্ষৰিত চুক্তি অনুসৰি টাটা ট্ৰাষ্টৰ সহযোগত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰে কেইবাখনো হাস্পতালত নিৰ্মাণ কৰি আছে।

No comments